পহুমৰাত পৰিভ্ৰমী চৰাই

লখিমপুৰ:- লখিমপুৰত প্ৰথমবাৰৰ বাবে পক্ষী মহোৎসৱ উদযাপন কৰিবলৈ সাজু হৈছে লখিমপুৰ জিলা প্ৰশাসন। জিলা প্ৰশাসনৰ লগতে বন বিভাগ, গ্ৰীণ হেৰিটেজ, সেউজী লখিমপুৰ আমাৰ সপোন, আছাম ৱাইল্ড লাইফ ৰেছকিউ এণ্ড ৰিচাৰ্ছ অৰ্গেনাইজেশ্যন আদি বিভিন্ন বেচৰকাৰী সংস্থা সহযোগত অহা ১০ জানুৱাৰীৰ পৰা জিলাখনৰ পহুমৰাৰ ৰঙানদীৰ পাৰত আয়োজন কৰা হৈছে পক্ষী মহোৎসৱ।

বিশিষ্ট প্ৰকৃতিবিদ তথা লখিমপুৰৰ প্ৰাক্তন উপায়ুক্ত ডঃ আনোৱাৰুদ্দিন চৌধুৰীয়ে ৰঙানদীৰ পাৰৰ সাতৰঞ্জন জলাহ ভূমিত আয়োজন কৰা এই পক্ষী মহোৎসৱে পক্ষী নিৰীক্ষক, গৱেষক, পৰ্যটকৰ লগতে বিশেষজ্ঞসকল বিশেষভাৱে উপকৃত কৰিব |

স্থানীয় বাসিন্দা, শিক্ষাৰ্থী আৰু যুৱ প্ৰজন্মৰ মাজত পক্ষী সংৰক্ষণ আৰু জলাহভূমি সংৰক্ষণ আদিৰ লগতে প্ৰকৃতি সংৰক্ষণৰ সজাগতা বৃদ্ধিৰ বাবেই এই পক্ষী মহোৎসৱৰ আয়োজন কৰা হৈছে বুলি প্ৰকাশ কৰিছে লখিমপুৰ জিলা প্ৰশাসনে।

সাতৰঞ্জন জলাহভূমিত আয়োজিত এই মহোৎসৱত পক্ষী নিৰক্ষীণৰ লগতে বিভিন্ন প্ৰতিযোগিতা, চাইকেল ৰেলী, ফ’টোগ্ৰাফী প্ৰদৰ্শন আৰু পক্ষী আৰু জলাহভূমি সংৰক্ষণৰ ওপৰত মুকলি আলোচনাৰো আয়োজন কৰা হৈছে।

উল্লেখ্য যে ৰঙানদী পাৰৰ সাতৰঞ্জন জলাহভূমিলৈ প্ৰতি বছৰে হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ আগমণ ঘটে। এইবাৰো পৰিভ্ৰমী পক্ষীয়ে ভিৰ কৰিছেহি পহুমৰাত |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply