নিউজডেস্ক: চলিত বৰ্ষৰ ২৯ জানুৱাৰী তাৰিখে নিশা বিহপুৰীয়াৰ সন্তপুৰত ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী সংবাদকৰ্মীয়ে। সংবাদকৰ্মী গৰাকীৰ নাম ডলি হাজৰিকা। এখন তীব্ৰবেগী আল্ট্ৰা বাছৰ খুন্দাত এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ডলী হাজৰিকাক চিকিৎসালয়লৈ নিছিল যদিও সংবাদকৰ্মী গৰাকীয়ে মৃত্যুক সাৱটি লয়।

উক্ত পথ দুৰ্ঘটনাত ডলী হাজৰিকাৰ সৈতে তেওঁৰ পিতৃ দিলীপ হাজৰিকাও আছিল আৰু তেওঁ গুৰুত্বৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।

প্ৰাপ্ত বাতৰি অনুসৰি বিবাহ যাত্ৰী কঢ়িয়াই অনা আল্ট্ৰা বাছখনে দুয়োগৰকীকে খুন্দা মৰাৰ পাছতে ঘটনাস্থলীৰ পৰা বাছৰ ড্ৰাইভাৰজনে পলায়ন কৰে। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে ডলীৰ পিতৃ দিলীপ হাজৰিকা। উল্লেখযোগ্য যে, গুৱাহাটীৰ এটা সংবাদ প্ৰতিষ্ঠানত কৰ্মৰত হৈ আছিল ডলী হাজৰিকা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply