লণ্ডনৰ পৰা অসমলৈ অহা এজন লোকৰ শৰীৰত কভিড

গুৱাহাটী – লণ্ডনৰ পৰা অসমলৈ অহা এজন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিড। গুৱাহাটী বৰঝাৰ বিমান বন্দৰত ধৰা পৰিছে লণ্ডনৰ পৰা অহা এজন লোকৰ শৰীৰত কভিড। বৰ্তমান চিকিৎসাধীন হৈ আছে লোকজন।

লণ্ডনত চৰিত্ৰ সলাইছে ক’ভিডে। ইতিমধ্যে লণ্ডনত বহু লোক আক্রান্ত হৈছে চৰিত্ৰ সলনি কৰা নতুন কভিডত। লণ্ডনৰ পৰা অসমলৈ অহা এজন ব্যক্তিৰ শৰীৰত কভিড ধৰা পৰাৰ পিছত লণ্ডনত চৰিত্ৰ সলাই নতুন ৰূপত আবিৰ্ভাৱ হোৱা কভিড অসমলৈ আহি পোৱাৰ সম্ভনা প্ৰকট হৈছে।

শুকুৰবাৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সম্পৰ্কে জানিবলৈ দি কয় যে গুৱাহাটী বিমান বন্দৰত লণ্ডনৰ পৰা অহা এজন লোক ক’ভিডত আক্রান্ত হোৱা বুলি ধৰা পৰিছে। কভিডত আক্রান্ত হোৱা লোকজনক ইতিমধ্যে চিকিৎসা প্ৰদান কৰি থকা হৈছে।

ক’ভিডত আক্রান্ত হোৱা লোকজনৰ নমুনা সংগ্ৰহ কৰি পুনেলৈ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ ফলাফলৰ পিছতে জানিব পৰা যাব যে লোকজন লণ্ডনত আবিৰ্ভাৱ হোৱা নতুন চৰিত্ৰৰ ক’ভিডত আক্রান্ত হৈছে নে নাই।

স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে বিগত ১৫ দিনত লণ্ডনৰ পৰা ১০২ জন লোক অসমলৈ আহিছে। এই ১০২ জন লোকৰ ভিতৰত ৭২ জন লোক কামৰূপ মহানগৰ জিলাৰ। লণ্ডনৰ পৰা অহা কেৱল মাত্ৰ এজন লোকৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply