নিউজ ডেস্ক: মহাৰাষ্ট্ৰ চৰকাৰে ভাৰতৰত্ন লতা মংগেছকাৰ আৰু শচীন তেন্ডুলকাৰৰ টুইট পৰীক্ষা কৰিব | কাৰণ প’প ষ্টাৰ ৰিহানাই কৃষক আন্দোলনক লৈ কৰা টুইটৰ বিৰোধিতা কৰা ভাৰতীয় তাৰকাৰ টুইটাৰত অনুসন্ধান চলাব মহাৰাষ্ট্ৰ চৰকাৰে |
কৃষক আন্দোলন বিষয়টো বৰ্তমান বিশেষ চৰ্চাত আছে। বহু বিদেশী তাৰকাইও কৃষক আন্দোলনৰ ওপৰত মন্তব্য আগবঢ়োৱা দেখা যায়।ইয়াৰ মাজতে এই টুইট সমূহৰ বিৰোধিতা কৰিছিল ভাৰতীয় তাৰকা সকলে। লতা মংগেশকাৰ, শচীন তেণ্ডুলকাৰৰ লগতে আন বহুতে ৰিহানাৰ টুইটৰ বিৰোধিতা কৰিছিল।

ইয়াৰ পিছতেই বিতৰ্কৰ সৃষ্টি হৈছিল । এই লৈ বহুজনে ভাৰতীয় তাৰকা সকলৰ সমালোচনা কৰা দেখা যায় লগতে একাংশই কয় যে বিজেপিৰ হেঁচাত পৰিহে তেওঁলোকে টুইট কৰে।
মহাৰাষ্ট্ৰ চৰকাৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে কয় যে ”মহাৰাষ্ট্ৰ চৰকাৰে সেই সকল ভাৰতীয় তাৰকাৰ টুইটাৰত অনুসন্ধান চলাব যিয়ে বিদেশী তাৰকা সকলে কৃষক আন্দোলনৰ ওপৰত কৰা টুইটৰ বিৰোধিতা কৰিছিল”।
দেশমুখে লগতে কয় যে ”প্ৰদেশ কংগ্ৰেছে এই বিষয়টোৰ ওপৰত অনুসন্ধান চলাবলৈ অনুৰোধ জনাইছিল।উল্লেখ্য যে, কিছুমান তাৰকাৰ তৰফৰ পৰা এটা পোষ্ট এটা সময়তে আহিছিল।যাৰবাবে এই অনুসন্ধান হ’ব” ।

কংগ্ৰেছে সন্দেহ কৰিছে যে ভাৰতীয় তাৰকা সকলে বিজেপিৰ হেঁচাত চৰকাৰৰ প্ৰতি সমৰ্থন দেখুওৱাৰ বাবে ছ’চিয়েল মিডিয়াত এই পোষ্ট কৰে। ৰাজনীতিৰ বাবেই বৰ্তমান সময়ত দলসমূহে সকলো সীমা চেৰাই গৈ কাম কৰি থকা দেখা গৈছে।