তিনিচুকীয়া- যোৱা এমাহৰো অধিক কাল প্ৰচন্ড শীতৰ মাজতো নিজৰ পাপ্য দাবীৰ বাবে আন্দোলনৰ পথ লোৱা লাইকা-দধিয়াবাসীৰ সমস্যাক লৈ চৰকাৰে যি দৰে গুৰুত্ব দিব লাগিছিল সেই গুৰুত্ব আজিও নোপোৱাত আন্দোলনকাৰী সকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে | মুখ্যমন্ত্ৰীয়ে লাইকা-দধিয়াবাসীৰ সমস্যা সমাধানৰ বাবে এখন কমিটি গঠন কৰিছে যদিও আজিলৈকে কমিটিৰ কাম কাজ লাইকা-দধিয়াবাসীৰ সন্মুখলৈ অহা নাই |
লাইকা-দধিয়াবাসীৰ পাপ্যদাবীৰ প্ৰতি গুৰুত্ব নিদিয়াৰ বাবেই পুনঃসস্থাপনৰ দাবীত বৃহস্পতিবাৰে তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে আন্দোলনকাৰী সকলে । আৰক্ষী-প্ৰতিবাদকাৰীৰ হতাহতিত উতপ্ত পৰিস্থিতিৰো সৃষ্টি হয় । টিএমপিকে সদস্যসকলেও এই প্ৰতিবাদত অংশ লয় |
যোৱা দুই দশক ধৰি ডিব্ৰু ছৈখোৱাৰ পৰা আতৰাই পঠিওৱা লাইকা-দধিয়াবাসীয়ে যোৱা সময়চোৱাত বহুবাৰ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছিল যদিও কোনো সুফল নাপালে | যোৱা কংগ্ৰেছ চৰকাৰে লাইকা-দধিয়াবাসীক লৈ হেতালী খেলাৰ পিছত বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰেও তেওলোকৰ সমস্যা সমাধানৰ চেষ্টা নকৰাৰ অভিযোগ ভেটি মাটিৰ পৰা বঞ্চিত ৰাইজৰ |