লাইকা-দধীয়াবাসীক পুনঃসস্থাপনৰ বিৰোধত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ

মাৰ্ঘেৰিটা: লাইকা দধীয়াবাসীক মাৰ্ঘেৰিটা মহকুমাৰ পাহাৰপুৰ আৰু নামফাই বনাঞ্চলত অসম চৰকাৰে দিব বিচৰা সংস্থাপনৰ তীব্ৰ বিৰোধিতা | মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন অঞ্চলৰ লগতে টিৰাপ অঞ্চলতো ইয়াক লৈ প্ৰতিবাদে অধিক উতপ্ত কৰি তুলিছে অঞ্চলটোত ।

যোৱা সময়চোৱাত প্ৰতিবাদী আন্দোলন চলাই থকা লাইকা দধীয়াবাসীক পাহাৰপুৰ আৰু নামফাই বনাঞ্চলত পুনঃ সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ প্ৰতিবাদ জনাইছে অঞ্চলটোৰ ৰাইজে। চৰকাৰে নিজা সিদ্ধান্তত অটল থকাত বিভিন্ন দল সংগঠনৰ লগতে সহস্ৰাধিক টিৰাপবাসী ৰাইজ ৰাজপথলৈ পুনৰ ওলাই আহে ।

প্ৰতিবাদী ৰাইজে বিভিন্ন শ্লোগানেৰে উত্তাল কৰি ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। এই পথ অৱৰোধ-প্ৰতিবাদৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথছোৱাৰ দুয়ো মূৰে শতাধিক যান বাহন বহু সময়ৰ বাবে আবদ্ধ হৈ পৰে। প্ৰতিবাদী ৰাইজে হুংকাৰ দিয়ে যে কোনো কাৰণতে লাইকা দধীয়া বাসীক পাহাৰপুৰ আৰু নামফাই বনাঞ্চলত সংস্থাপন কৰিবলৈ দিয়া নহ’ব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply