নিউজ ডেক্স: অসম জাতীয় পৰিষদৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰীৰ নেতৃত্বত দলৰ এটি প্ৰতিনিধি দলে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অভ্যন্তৰত থকা লাইকা-দধীয়া গাঁৱৰ বৰ্তমান পৰিস্থিতিৰ বুজ লোৱাৰ লগতে অঞ্চলবাসীয়ে কৰা দাবীসমূহৰ সমৰ্থনত অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ লয়। যোৱা প্ৰায় এমাহে ধৰি লাইকা-দধীয়াবাসীয়ে চলাই আছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী | এই প্ৰতিবাদত অংশ লোৱা এগৰাকী গৰ্ভবতী মহিলা সন্তানসহ মৃত্যুক আকোঁৱালী লব লগা হল | ইয়াৰ পিছতো ৰাজ্য চৰকাৰ খনে বিশেষ গুৰুত্ব দিয়া পৰিলক্ষিত ন’হল | সত্তৰ দশকৰ পৰা লাইকা দধীয়া বাসীয়ে কৰি অহা আন্দোলনৰ ফল হিচাপে সময়ে সময়ে চৰকাৰৰ পৰা পালে মাথো প্ৰতিশ্ৰুতি।
প্ৰতিখন চৰকাৰে লাইকা-দধীয়াবাসীৰ ভূমিৰ সুৰক্ষা তথা পুনৰ সংস্থাপনৰ বাবে দিয়া আশ্বাস সময়ত ফুটুকাৰ ফেনলৈ পৰিণত হ’ল।জাতীয় পৰিষদে বিগত সময়ছোৱাত লাইকা-দধীয়াবাসীৰ ওপৰত নিৰ্যাতন, বঞ্চনাৰ বিষয়টোক গুৰুত্ব সহকাৰে লৈ ভৱিষ্যতে খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰি যাবৰ বাবে পণ লৈছে ।
তাৎপৰ্যপূৰ্ণ ভাৱে নিজৰ গৃহ পঞ্চায়তৰ অন্তৰ্গত এইখন গাঁৱৰ বঞ্চিত সকলৰ কান্দোন শুনিবলৈ আহৰি নাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আনহাতে অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন ‘জাতীয় শ্ৰমিক শক্তি’ৰ এটি সজাতি দলে জাগীৰোডত অৱস্থিত নগাঁও কাগজ কল ইউনিয়নৰ বিষয়ববীয়াৰ লগত শেহতীয়া কাগজ কলৰ বিভিন্ন দিশ সম্পৰ্কে এক আলোচনাত মিলিত হয়।
এই আলোচনাত জাতীয় শ্ৰমিক শক্তিয়ে ২০ জানুৱাৰিত হ’বলগীয়া কাগজ কলৰ সন্মুখত হ’বলগীয়া অৱস্থান ধৰ্মঘটত অংশগ্ৰহণ কৰি ভাৰতৰ ৰাষ্ট্ৰপতি আৰু ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্য চৰকাৰে ২০২১ চনত হ’বলগীয়া বিধান সভা নিৰ্বাচনৰ আগত যদিহে এই কাগজ কল খোলাৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ’লে জাতীয় শ্ৰমিক শক্তিয়ে আগন্তুক নিৰ্বাচনৰ দিন কেইটাত আমৰণ অনশন গ্ৰহণ কৰাৰো সিদ্ধান্ত গ্ৰহণ কৰে।