ৰূপহীহাট – লাওঁখোৱা অভয়াৰণ্যৰ গড়াজানত উদ্ধাৰ বনৰীয়া গাহৰিৰ মৃতদেহ। অভয়াৰণ্যখনৰ পৰা ওলাই আহ এটা বনৰীয়া গাহৰিৰ মৃতদেহ গড়াজানৰ পূব ফুটালজাৰত উদ্ধাৰ হয়। বন বিভাগে বনৰীয়া গাহৰিটোৰ মৃতদেহ উদ্ধাৰ কৰি গড়াজান বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়লৈ স্থানান্তৰ কৰে।
মৃত বনৰীয়া গাহৰিটো বন বিভাগে মাটিত পুতি থোৱা বুলি গড়াজান বনাঞ্চলিক বিষয়াই জানিবলৈ দিয়ে। বনৰীয়া গাহৰিটো ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি বনাঞ্চলিক বিষয়াই জানিবলৈ দিয়ে। বনৰীয়া গাহৰিটোৱে কিছুদিন ধৰি অভয়াৰণ্যখনৰ কাষৰীয়া গাঁও সমূহত প্ৰৱেশ কৰি খেতি পথাৰ অনিষ্ট কৰি সন্ত্ৰাস চলাই আহিছিল।
ইফালে গাহৰিটোক একাংশ লোকে চোকা অস্ত্ৰৰে আক্ৰমণ কৰি নিধন কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে কিছু সংখ্যক স্থানীয় লোকে। যদি বনৰীয়া গাহৰিটোৰ মৃত্যু মানুহৰ আক্ৰমণত নিহত হৈছে তেন্তে গাহৰিটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা নকৰাকৈ মাটিত পুতি পেলোৱাটো ৰহস্যজনক।