ৰূপহীহাট – লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত চোৰাং মাছ মৰীয়াৰ দপদপনি। বন বিভাগৰ নাকত তলতে একাংশ মাছ মৰীয়াই অভয়াৰণ্যখনত নিতৌ চলাই আহিছে মাছৰ নিধন। সাংবাদিকক দেখা পাই চোৰাং মাছ মৰীয়াৰ পলায়ন। কি কৰি আছে লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত নিয়োজিত বন বিভাগৰ কর্মী ?
নগাঁও জিলাৰ লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যত নিয়োজিত বন বিভাগৰ কর্মীৰ চূড়ান্ত গাফিলতিৰ সুযোগ গ্ৰহণ কৰি অভয়াৰণ্যখনত একাংশ মাছ মৰীয়া সক্ৰিয় হৈ পৰিছে মাছ নিধন কাৰ্যত। অভয়াৰণ্যখনত দিনে-নিশাই গজগজাই থকা বন কৰ্মীৰ নাকৰ তলতে মাছ মৰীয়াই চলাই গৈছে মাছৰ নিধনযজ্ঞ। বন বিভাগৰ গাফিলতি নে ধনৰ মোটা অংকৰ বিনিময়ত চলিছে অভয়াৰণ্যখনত চোৰাং মাছ চিকাৰৰ কাৰ্য ?
বন কৰ্মীয়ে তহল দি থকা লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ কঠালগুটি বন শিবিৰৰ পৰা মাত্ৰ ১০০ মিটাৰ নিলগত চোৰাং মাছমৰীয়াই জাল লৈ মাছ মাৰি থকাৰ দৃশ্য দৃষ্টি গোচৰ হয় সাংবাদিকৰ। সাংবাদিকৰ কেমেৰাত বন্দী হয় মাছ মাৰি থকাৰ সকলো দৃশ্য। সাংবাদিকক দেখা পাই একাংশ চোৰাং মাছ চিকাৰীয়ে পলায়ন কৰাৰ পৰিবৰ্তে একাংশই হাবিৰ মাজত লুকুৱাই চেষ্টা কৰে কেমেৰাৰ লেন্সত আৱদ্ধ হোৱাৰ পৰা নিজকে ৰক্ষা কৰাত।
উল্লেখযোগ্য যে লাওঁখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ সংৰক্ষিত এলেকাত মানুহৰ প্ৰৱেশ কঠোৰভাৱে নিষিদ্ধ যদিও বন বিভাগৰ একাংশ বিষয়া আৰু বন কৰ্মীক মোটা অংকৰ ধনৰ বিনিময়ত অভয়াৰণ্যখনৰ জলাশয় সমূহত অবাধে চোৰাং মাছমৰীয়াই অব্যাহত ৰাখিছে নেকি দপদপনি ? একাংশ প্ৰকৃতিপ্ৰেমীৰ অভিযোগ অভয়াৰণ্যখনৰ ভিতৰত একাংশ চোৰাং মাছ মৰীয়াই নিতৌ চলাই গৈছে মাছৰ অবৈধ চিকাৰ।