জুৰীয়া – লাওখোৱা অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ঢেঁকীয়াপতিয়া বাঘৰ সন্ত্ৰাস। ঢেঁকীয়াপতিয়া বাঘৰ আক্ৰমণত শতাধিক গৰু-ম’হ নিধন। লাওখোৱা অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী অঞ্চলৰ ৰাইজ উজাগৰে নিশা কটাব লগীয়া হৈছে।
নগাঁও জিলাৰ লাওখোৱা অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী অঞ্চল সমূহত চলিছে ঢেঁকীয়াপতিয়া বাঘৰ সন্ত্ৰাস। অভয়াৰণ্যখনৰ পাৰ্শ্বৱৰ্তী অঞ্চলত নিতৌ ঢেঁকীয়াপতিয়া বাঘে নিধন কৰিছে গৰু-ম’হ। সুতিৰপাৰ চিতলমাৰি ৰাজহ গাঁৱৰ বাসিন্দা তথা গো-পালক হাছেন আলীয়ে বনাঞ্চলত এৰি দিছিল কেইবাটাও গৰু-ম’হ কিন্তু ঢেঁকীয়াপতিয়া বাঘৰ আক্ৰমণৰ বলি হৈ তেজেৰে লুতুৰি-পুতুৰি অবস্থাত ঘৰলৈ আহিল গৰু আৰু ম’হ।
গাঁৱৰ কেইবাজনো গো-পালকৰ বহু গৰু-ছাগলী আৰু ম’হ ঢেঁকীয়াপতিয়া বাঘৰ আক্ৰমণৰ বলি হৈ নিহত হৈছে। পথাৰত এৰি দিয়া বহু গৰু-ম’হ ঘুৰি নাহিল ঘৰলৈ। অঞ্চলটোত ঢেঁকীয়াপতিয়া বাঘৰ মুক্ত বিচৰণত কেৱল পোহনীয়া জীৱ-জন্তুৰ জীৱনৰ প্ৰতি ভাবুকি নহয় মানুহৰো জীৱনৰ প্ৰতিও আনিছে ভাবুকি।
পাৰ্শ্বৱৰ্তী অঞ্চলৰ আতংকিত ৰাইজে বন বিভাগক অঞ্চলবাসীক সুৰক্ষা দিয়াৰ দাৱী জানাইছে। গাঁৱৰ ৰাইজে জানিবলৈ দিয়া মতে ১০ ৰ পৰা ১২ টাকৈ ঢেঁকীয়াপতিয়া বাঘে নিতৌ সন্ত্ৰাসৰ সৃষ্টি কৰিছে লাওখোৱা অভয়াৰণ্যৰ পাৰ্শ্বৱৰ্তী অঞ্চলত।
উল্লেখ্য যে বন বিভাগে ইতিমধ্যে জানিবলৈ দিছে যে লাওখোৱা অভয়াৰণ্যত কেইবাটাও ঢেঁকীয়াপতিয়া বাঘৰ মুক্ত বিচৰনৰ দৃশ্য বন কৰ্মী সকলে প্ৰতেক্ষ কৰাৰ লগতে কিছু দৃশ্য বন বিভাগৰ কেমেৰাত আবদ্ধ হৈছে।