লাকুৱা- অ’এন জি চিৰ কাম কাজত অতিষ্ঠ হৈ লাকুৱাৰ লাখমণি অঞ্চলৰ ৰাইজে আৰম্ভ কৰিছে প্ৰতিবাদী কাৰ্যসূচী |লাখমণিত অঞ্চলত যোৱা সময়চোৱাত তীব্ৰ শব্দ প্ৰদূষণৰ বাবে অতিষ্ঠ হৈ পৰিছে জনসাধাৰন। বাৰম্বাৰ এই সম্পৰ্কে জনাই অহাৰ পিছতো গুৰুত্ব নিদিয়াত আছু, স্থানীয় ৰাইজৰ লগতে আছুৱে অনিদিষ্টকালীন ভাবে বন্ধ কৰিলে ৪ নং জিজিএচ ত চলি থকা খনন কাৰ্য |
অ’এনজিচিয়ে চলাই থকা কাৰ্যৰ ফলত ৰাইজৰ নিৰাপত্তাৰ ক্ষেত্ৰতো ভাবুকি আহি পৰিছে | লাকুৱাৰ লাখমণি অঞ্চলত অ’এন জিচিৰ বৃহৎ শব্দ প্ৰদূষণৰ ফলত ভয়ত আতংকিত হৈ পৰিছে অঞ্চলবাসী ।বৰবৰুৱা মৈদামস্থিত অ’এনজিচিৰ অধীনৰ লাখমণিৰ ৪ নং জিজিএচ ত এই বৃহৎ শব্দ প্ৰদূষণৰ ফলত স্থানীয় শিক্ষাৰ্থী সকলৰো শৈক্ষিক পৰিৱেশ বিনষ্ট হৈছে ৷ এই প্ৰদূষণ ৰোধৰ দাবীৰে আছু আৰু স্থানীয় ৰাইজে অনিদিষ্ট কাললৈ বন্ধ কৰিছে লাকুৱা লাখমণি ৪ নং জিজিএচ ৷