লংকা- হোজাই জিলাৰ লামডিং বনাঞ্চলত বনকৰ্মী – কাঠ সৰবৰাহকাৰীৰ মাজত গুলীচালনাৰ ঘটনা। লংকা আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ অধীনত কৰ্মৰত বনকৰ্মীৰ দলটোৱে নিয়মীয়া তহলদাৰী চলাই থকাৰ সময়ত লামডিং বনাঞ্চলৰেই চাংকমা টিলা অঞ্চলত বনাঞ্চলৰ মাজত কেইজনমান কাঠ সৰবৰাহকাৰীয়ে গছ কাটি থকা অৱস্থাত বন কৰ্মীয়ে প্ৰত্য়ক্ষ কৰোতেই কাঠ সৰবৰাহকাৰীয়ে বনকৰ্মী তহলদাৰী দলটোক লক্ষ্য কৰি গুলী চালনা কৰে ।

লামডিং বনাঞ্চলত বনকৰ্মীয়ে আটক কৰে দুজন চোৰাংকাঠ সৰবৰাহকাৰী

বনকৰ্মীৰ দলটোৱেও কাঠ সৰবৰাহকাৰী দলটোক গুলীৰে প্ৰত্যুত্তৰ দিয়ে । কাঠসৰবৰাহকাৰী দলটোৰ প্ৰায় সংখ্যক সদস্য‌ই ঘটনাস্থলীৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয় যদিও বনকৰ্মীয়ে দুজনলোকক আটক কৰিবলৈ সক্ষম হয়। লগতে জব্দ কৰে কাঠফলা মেচিন। দুয়ো চোৰাং কাঠ সৰবৰাহকাৰীক বনকৰ্মী দলটোৱে লংকা আঞ্চলিক বন কাৰ্য্যলয়ত জেৰা অব্যাহত ৰাখিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,269 other subscribers

Leave a comment

Leave a Reply