গুৱাহাটী – বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ মূৰব্বী লালু প্ৰসাদ যাদৱে আজি দীৰ্ঘদিনৰ বিৰতিত জামিন লাভ কৰিছে। পশুধনৰ খাদ্য সংক্ৰান্তীয় গোচৰৰ সৈতে জড়িত চাইবাছা কোষাগাৰৰ গোচৰত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে আজি জামিন প্ৰদান কৰে বৰ্ষীয়ান নেতাগৰাকীক। উল্লেখ্য যে লালু প্ৰসাদ যাদৱ বিহাৰৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত চাইবাছা কোষাগাৰৰ পৰা পশুধনৰ খাদ্যৰ বাবে ৩৩.৬৭ কোটি টকা আহৰণ কৰা হৈছিল। আৰু এই ভুৱা কাৰণত ধন আহৰণ কৰাৰ অপৰাধতেই লালু প্ৰসাদ যাদৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল আৰু জেললৈও যাবলগীয়া হৈছিল।

অৱশ্যে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে চাইবাছা কোষাগাৰ গোচৰত লালু প্ৰসাদক জামিন দিলেও তেওঁ কাৰাগাৰতে থাকিব লাগিব। কিয়নো এইপৰ্যন্ত ডুমকা কোষাগাৰৰ গোচৰ বিচাৰাধীন হৈ আছে।

উল্লেখ্য যে বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক ৫০০০০ হাজাৰ টকাৰ প্ৰতিভূতি জমা লৈ ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছে। ইফালে লালু প্ৰসাদ যাদৱক সংশ্লিষ্ট গোচৰতে ২ লাখ টকাৰ এক জৰিমণাও বিহিছে আদালতে।

স্মৰ্তব্য যে চাইবাছা কোষাগাৰ গোচৰৰ ৩০ মাহৰ কাৰাবাসৰ আধা সম্পূৰ্ণ হোৱা অনুসৰি আৰজেডি মূৰব্বীয়ে এক জামিন আবেদন দাখিল কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply