গুৱাহাটী – বিটিচি নিৰ্বাচনৰ পূৰ্বে ইউ পি পি এল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা প্ৰতিশ্ৰুতি মনত পেলাই দিয়াৰ উদ্দেশ্যে লাষ্ট গেটত প্ৰতিবাদত বহিল সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থা। বিটিচি চৰকাৰ আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনৰ পুর্বে প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ আহ্বান সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থাৰ।

ৰাজ্যৰ বিজেপি চৰকাৰকখনৰ অন্তিমটো বাজেট অধিবেশনৰ দ্বিতীয় দিনাও উত্তাল হৈ পৰে লাষ্ট গেটৰ প্ৰতিবাদস্থলী। বিভিন্ন দল-সংগঠনে তেওঁলোকৰ দাবী সমূহ লৈ লাষ্ট গেটত প্ৰতিবাদ সাব্যস্ত কৰি লাষ্ট গেটৰ পৰিৱেশ উত্তাল কৰি তোলে। দল-সংগঠন সমূহৰ চৰকাৰকখনক আহ্বান নিৰ্বাচনৰ পূৰ্বে তেওঁলোৰ সমস্যা সমূহৰ সমাধান কৰক চৰকাৰখনে।

বিভিন্ন দল-সংগঠনৰ লগতে বাজেট অধিবেশনৰ দ্বিতীয় দিনা প্ৰতিবাদ সাব্যস্ত কৰে সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থাই। সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থাৰ প্ৰয়াত সভাপতি লফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ, বিটিচি অঞ্চলত উচ্ছেদ বন্ধ কৰি ভূমিহীন লোকক ভূমি পাট্টা প্ৰদান আৰু বড়ো ভূমিত গোষ্টী-সংঘৰ্ষ আৰু উগ্ৰপন্থীৰ অত্যাচাৰৰ ফলত সন্ধানহীন হৈ থকা লোক সকলৰ উদ্ধাৰৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিলে এই সম্পৰ্কে চৰকাৰৰ স্থিতি প্ৰকাশ কৰাৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে।

সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থাৰ প্ৰায় দুই শতাধিক সদস্যই লাষ্ট গেটৰ প্ৰতিবাদস্থলীত একত্ৰিত হৈ বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে কয় যে “বিটিচি নিৰ্বাচনৰ পূৰ্বে প্ৰমোদ বড়ো আৰু হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যে বিটিচিত চৰকাৰ গঠন কৰাৰ পিছতে সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থাৰ প্ৰয়াত সভাপতি লফিকুল ইছলামৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ’ব”।

লফিকুল ইছলামৰ হত্যাকাৰী চিনাক্ত হৈছে আৰু বিটিচিত ইউ পি পি এল আৰু বিজেপিৰ মিত্ৰজোঁট চৰকাৰ গঠনৰ পিছতে হত্যাকাৰীক গ্ৰেপ্তাৰ কৰা হ’ব বুলি হিমন্ত বিশ্ব শৰ্মাই কৈছিল কিন্তু আজি বিটিচিত পি পি এল আৰু বিজেপিৰ মিত্ৰজোঁট চৰকাৰ গঠনৰ দুমাহ হ’ল এতিয়া কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মুখত লফিকুল ইছলামৰ হত্যাকাৰীৰ কথা নাই বুলি মন্তব্য কৰি হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে টাইছন হুছেইনে। আনহাতে বিটিচিত ভূমি জৰীপ কৰি ভূমিহীন লোকক ভূমি পাট্টা প্ৰদান আৰু বড়ো ভূমিত গোষ্টী-সংঘৰ্ষ আৰু উগ্ৰপন্থীৰ অত্যাচাৰৰ ফলত সন্ধানহীন হৈ থকা লোক সকলৰ উদ্ধাৰ কৰা তথা ক্ষতিপূৰণ প্ৰদান কৰাৰ দাবীও জনায় সদৌ বিটিচি সংখ্যালঘূ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক টাইছন হুছেইনে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply