বাগানৰ মাটিত ঘৰ নিৰ্মাণ কৰি বহু অনৈতিক কাৰ্যকলাপ কৰাৰো অভিযোগ

বোকাজান: অসম নাগালেণ্ড সীমান্তৰ বোকাজান লাহৰিজানত অবৈধ ভূমি দখলক লৈ অঞ্চলটোত তীব্র উত্তেজনাই বিৰাজ কৰিছে । লাহৰিজান বাগানৰ মাজত চেলিমউদ্দিন চৌধুৰী নামৰ এজন ভূ মাফিয়াই অবৈধ ভাৱে ভূমি দখল কৰি নিৰ্মাণ কৰিছিল বহু ঘৰ।

বাগানৰ ভিতৰত সোমাই চাহ গছ কাটি নিৰ্মাণ কৰিছিল ঘৰ সমূহ। যাক লৈ ক্ষুদ্ধ হৈ পৰে চাহ বাগিচাৰ লোক সকল। ইয়াৰ পিছতেই হাতত দা আৰু লাঠী লৈ বাগানৰ লোক সকলে নিজেই উচ্ছেদ কৰে অবৈধ ভাবে সজা ঘৰসমূহ। ইয়াৰ পিছতে পৰিস্থিতি অধিক জটিল হৈ পৰে।

উল্লেখযোগ্য যে লাহৰিজান বাগানত মাটি মাফিয়া চেলিমউদ্দীন চৌধুৰী আৰু কায়ুম তালুকদাৰে যোৱা সময়চোৱাত চলাই আহিছে অবৈধভাবে ভূমি দখল প্ৰক্ৰিয়া। তদুপৰি বাগানৰ মাটি অবৈধ ভাৱে দখল কৰি সন্দেহ যুক্ত নাগৰিকক দিয়া হৈছিল ঘৰ নিৰ্মাণ কৰিবলৈ।

বাগানৰ মাটিত ঘৰ নিৰ্মাণ কৰি বহু অনৈতিক কাৰ্যকলাপ কৰাৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে। অন্যহাতে বোকাজান মহকুমা আৰক্ষী প্ৰশাসনে বিষয়টোৰ ওপৰত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে বাগানৰ কৰ্মচাৰীসকলে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply