লাহৰীঘাটত হিৰ'ইনসহ গ্ৰেপ্তাৰ দুই ড্ৰাগছ সৰবৰাহকাৰী

লাহৰীঘাট – এইবাৰ লাহৰীঘাটত হিৰ’ইনসহ গ্ৰেপ্তাৰ হৈছে দুই ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা জব্দ ২৭ টাকৈ হিৰ’ইন ভৰ্তি কন্টেইনাৰ।

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বৰছলাত হিৰ’ইনসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ। সোমবাৰে নিশা লাহৰীঘাট আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰীৰ পৰা দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা ২৭ টাকৈ হিৰ’ইন ভৰ্তি কন্টেইনাৰ জব্দ কৰে।

অভিযানকাৰী আৰক্ষীৰ দলটোৱে ড্ৰাগছ সৰবৰাহকাৰী দুজনৰ কবলৰ পৰা হিৰ’ইনৰ লগতে এটা ম’বাইল ফোন আৰু ২৫০ টকা জব্দ কৰে। ধৃত সৰবৰাহকাৰী দুজন হৈছে ক্ৰমে লাহৰীঘাট থানাৰ বৰছলা আৰক্ষী চকীৰ অন্তৰ্গত গৰৈমাৰীৰ হাৰুণ ৰছিদ আৰু ৰিয়াজউদ্দিন।

উল্লেখ্য যে নগাঁও জিলাৰ সমান্তৰালে মৰিগাঁও জিলাৰ বিভিন্ন অঞ্চলত ব্যাপক হাৰত ড্ৰাগছৰ বেহা আৰু ড্ৰাগছ আসক্ত লোকৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। জিলা দুখনত আৰক্ষীয়ে বিভিন্ন সময়ত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত বহু লোকক গ্ৰেপ্তাৰ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply