গুৱাহাটী – লুৰিণজ্যোতি গগৈৰ স্থানত অধিষ্ঠিত হ’ল দুলীয়াজানৰ শংকৰজ্যোতি বৰুৱা৷ আছুৰ নতুন সাধাৰণ সম্পাদক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে শংকৰজ্যোতি বৰুৱাই।
উল্লেখযোগ্য যে যোৱা ১৮ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ দুলীয়াজানৰ ছলাকটকী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ অন্তিম দিনা নিশালৈ বিষয় বাছনী সভা অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও প্রতিকূল বতৰ আৰু কেন্দ্রীয় কার্যনির্বাহকৰ সিদ্ধান্ত মর্মে উক্ত সভাখন ২২ নৱেম্বৰৰ পুৱা দুলীয়াজান ক্লাব প্রেক্ষাগৃহত অনুষ্ঠিত হয়৷
অৱশ্যে আছুৰ কেন্দ্রীয় নেতৃত্বৰ আলোচনামর্মে পাঠ কৰা সমিতিখনত দীপাংক কুমাৰ নাথক সভাপতি, বিপুল ৰাভা, প্রকাশ চন্দ্র দাস, মাণিক গগৈ, নৱজ্যোতি ৰয় আৰু উদ্দীপজ্যোতি গগৈক উপ-সভাপতি, জয়ন্ত কুমাৰ ভট্টাচার্য, জুলু খাউণ্ড, ধর্মেশ্বৰ দাস, প্রজ্ঞান ভূঞা আৰু উৎপল শর্মাক সহকাৰী সাধাৰণ সম্পাদক, ভৱজিৎ বেজবৰুৱাক শিক্ষা সম্পাদক, খনীন্দ্র ৰাজবংশীক বিত্ত সম্পাদক, জিতুমণি ভূঞাক প্রচাৰ সম্পাদক, পূর্ণ ডেকা, বেদান্ত শইকীয়াক ক্রীড়া সম্পাদক, বিনয় ডুবেক সাংস্কৃতিক সম্পাদক, পৰিস্মিতা বৰাক সাহিত্য সম্পাদিকা,
অভিৱর্তন গোস্বামীক মুখ্য সাংগঠনিক সম্পাদক, নিতুল বৰা, পুলক বৰা, নৱ কুমাৰ নাথ, বিতুপন নাথ, সূর্য কুমাৰ ভূঞা, মণ্ঢু৻ৰাজ বৰুৱা, আমজান হুছেইন লস্কৰ, অপূর্ব দাস, নিৰন্য ৰায়, লৱ কুমাৰ ৰায়, আমিনুল হক চৌধুৰী, কৃষ্ণকান্ত দাসক সাংগঠনিক সম্পাদক, সমুদ্র পাটগিৰিক কার্যালয় সম্পাদকসহ ১৩জন কার্যনির্বাহ সদস্য বাছনি কৰে৷ পুৱা প্রায় ৮ বজাত নতুন সমিতিৰ তালিকা পাঠ কৰাৰ পাছতে দুলীয়াজান ক্লাবৰ চৌহদত এক আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হয়৷
উল্লেখযোগ্য যে দুলীয়াজান বৰকোলা গাঁৱৰ প্রয়াত দিলীপ বৰুৱা আৰু ৰুমী বৰুৱাৰ কনিষ্ঠ পুত্র শংকৰজ্যোতিয়ে বিগত সময়ছোৱাত দুলীয়াজান আঞ্চলিক ছাত্র সন্থাত সহকাৰী সম্পাদক হিচাপে কার্যনির্বাহ কৰি পৰৱর্তী সময়ত দুবাৰকৈ ডিব্রুগড় জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক, ডিব্রুগড় বিশ্ববিদ্যালয়ৰ আছু গোটৰ উপদেষ্টা আৰু কেন্দ্রীয় সমিতিৰ কার্যনির্বাহক সদস্য পদতো অধিষ্ঠিত হৈছিল৷ ডিব্রুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজকর্ম বিভাগ, সাংবাদিকতা আৰু গণ সংযোগ পাঠ্যক্রমত স্নাতকোত্তৰ ডিগ্রীধাৰী শংকৰজ্যোতি।