লুৰিণজ্যোতি গগৈক শিৱসাগৰত বিদায় সম্ভাষণ

শিৱসাগৰ – শুকুৰবাৰে নিশা আছুৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ উপস্থিত হয় শিৱসাগত। শিৱসাগৰ জিলা আছুয়ে আয়োজন কৰে লুৰিণজ্যোতি গগৈৰ বিদায় সম্ভাষণ অনুষ্ঠানত।

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীক শিৱসাগৰত উষ্ম আদৰণি জনায় শিৱসাগৰ আছুৰ কাৰ্যকৰ্তা সকলে। বিদায় সম্ভাষণ অনুষ্ঠানত উপস্থিত হৈ লুৰিণজ্যোতি গগৈয়ে পোন প্ৰথমে শ্বহীদ তৰ্পণ কৰে। পাছত শিৱসাগৰ জিলা আছুৰ লগতে জিলাখনৰ কেইবাটাও মহকুমা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকতা সকলে তেওঁক বিদায় সম্ভাষণ জ্ঞাপন কৰে।

উক্ত অনুষ্ঠানত আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক গৰাকীৰ লগতে কেন্দ্ৰীয় প্ৰাক্তন কাৰ্যনিৰ্বাহক সঞ্জীৱ চাংমাইকো বিদায় সম্ভাষণ জ্ঞাপন কৰে শিৱসাগৰ আছুয়ে। উক্ত বিদায় সম্ভাষণ অনুষ্ঠানত উপস্থিত থাকে আছুৰ উপ-সভাপতি মানিক গগৈ, উদ্দীপজ্যোতি গগৈ, কেন্দ্ৰীয় কাৰ্যনিৰ্বহক সমীৰণ ফুকন, ডেভিদ হাজৰিকাৰ লগতে কেইবাজনো ৰাজ্যিক বিষয়ববীয়া।

লুৰিণজ্যোতি গগৈৰ বিদায় সম্ভাষণ অনুষ্ঠানত শিৱসাগৰ জিলাৰ আছুৰ নেতা-কৰ্মকতা সকলকৰ লগতে উপস্থিত থাকে ডিব্ৰুগড়, ধেমাজি আৰু লখিমপুৰ জিলা আছুৰ সভাপতি আৰু সম্পাদক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply