লুৰীণজ্যোতি গগৈ হ'ব এজেপিৰ সভাপতি

শিৱসাগৰ- সদৌ অসম ছাত্ৰ সন্থাৰ পদত্যাগী সম্পাদক লুৰীণজ্যোতি গগৈ হ’ব অসম জাতীয় পৰিষদৰ সভাপতি |শিৱসাগৰত অনুষ্ঠিত ৰাজনৈতিক অভিৱৰ্তনত আলোচনাৰ অন্তত দলীয় নেতৃবৰ্গই লুৰীণজ্যোতিৰ নাম সভাপতি হিচাবে চূড়ান্ত কৰে। ইষ্ট ম’জ’ অসমীয়াৰ হাতত পৰা তথ্য অনুসৰি, দলটোৰ নীতি নিৰ্ধাৰণ নিৰ্ণয় কৰিবলৈ থাকিব এখন কৰ্ণধাৰ কমিটী।

অসম জাতীয় পৰিষদৰ এক ভিতৰুৱা সূত্ৰই জনোৱা মতে যোৱা সময়চোৱাত মুখ্য সমন্বয়ক ৰূপে দলটোক সংগঠিত কৰা জগদীশ ভূঞাক কাৰ্যবাহী সভাপতিৰ দায়িত্ব দিয়া হৈছে |

ইফালে, উপ সভাপতি ৰূপে ৰাজু ফুকন, সাধাৰণ সম্পাদক ৰূপে অদীপ কুমাৰ ফুকন আৰু যুটীয়া সাধাৰণ সম্পাদক হিচাপে চিত্ৰ বসুমতাৰী আৰু প্ৰচাৰ সম্পাদক ৰূপে জীয়াউৰ ৰহমানক নিৰ্বাচন কৰাটো ইতিমধ্যে চূড়ান্ত কৰিছে | শিৱসাগৰত চলি থকা এজেপিৰ প্ৰতিনিধি সভাৰ অন্তত দলটোৰ নেতৃত্ব কোনে ল’ব সেই সন্দৰ্ভত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিব |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply