নিউজ ডেস্ক: গণৰাজ্য দিৱসত দেশৰ নিৰাপত্তা ক্ষেত্ৰলৈ আগবঢ়োৱা বৰঙণিৰ বাবে সেনা বিষয়া- জোৱানসকলোকো প্ৰদান কৰা হয় সন্মান। প্ৰতিৰক্ষা মন্ত্ৰালয়ে তালিকাত স্থান লাভ কৰিছে অসমৰ তিনিগৰাকীকৈ সেনা বিষয়াই।
ডিমাপুৰৰ ৰঙা পাহাৰত থকা সেনা থ্ৰি ক’ৰ জি অ চি লেঃ জেনেৰেল ৰাণাপ্ৰতাপ কলিতাই লাভ কৰিছে উত্তম বিশিষ্ট সেৱা মেডেল। ইয়াৰ উপৰিও লেঃ কৰ্ণেল ৰাজকুমাৰ পল্লৱ গোহাঁয়ে সাহসিকতাৰ বাবে বাৰ টু সেনা মেডেল আৰু সূৰ্য চক্ৰ সন্মান লাভ কৰিছে আসাম ৰাইফলছৰ প্ৰণৱ জ্যোতি দাসে।
উল্লেখ্য যে ভাৰতীয় সেনাৰ থ্ৰী ক’ৰৰ GOC লেফটেনেন্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতাই ইতিমধ্যে লাভ কৰিছে অতি বিশিষ্ট সেৱা মেডেল, সেৱা মেডেল, আৰু বিশিষ্ট সেৱা মেডেল। গণতন্ত্ৰ দিৱসত লেফটেনেন্ট জেনেৰেল কলিতাই এই সন্মান লাভ কৰি নিজ পিতৃ-মাতৃ, শিক্ষাগুৰুৰ লগতে অসমবাসীক ধন্যবাদ জনায় ৷