গুৱাহাটী:- পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ ১৮ সংখ্যক মৃত্যু বাৰ্ষিকীত সদৌ অসম ছাত্ৰ সন্থাই নাট্যকর্মী পবিত্ৰ ৰাভাক প্ৰদান কৰিলে ২০২০ বৰ্ষৰ প্ৰতিমা বৰুৱা পাণ্ডে বঁটা। মহানগৰীৰ চান্দমাৰীত গোৱালপৰীয়া লোক সংগীতৰ সাধক গৰাকীৰ প্ৰতিমূৰ্তিস্থলীত প্ৰদান কৰা হয় এই বঁটা। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱা, উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই ৰাভাক এই বঁটা প্ৰদান কৰে। প্ৰতিমা বৰুৱা পান্ডে স্মাৰক বঁটা, ২০২০ ত আছে গামোছা ,চেলেংচাদৰ, পাটৰ চোলা, স্মাৰক, সম্বৰ্ধনা পত্ৰ, আৰু ২৫ হাজাৰ টকা |
আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয়, ”পবিত্ৰ ৰাভাই গভীৰ সাধনাৰে কাম কৰি আছে। কাম কৰি থকা সময়তে এইধৰণৰ অনুপ্ৰেৰণা দিব লাগে। যাতে আৰু ভাল কাম কৰিব লাগে। নতুন প্ৰজন্মই ভাল কামৰ ক্ষেত্ৰখনত যাতে আগুৱাই আহিব পাৰে তাৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।”
বঁটা গ্ৰহন কৰি টংলাৰ নাট্যকৰ্মী , লোককৃষ্টিৰ সাধক পবিত্ৰ ৰাভাই কয়, আছুৱে এই বঁটা প্ৰদান কৰি যি দায়িত্ব দিলে তাক ভালদৰে পালন কৰিম | এই বঁটাটো কেবল মোৰেই নহয় মোৰ লগত জড়িত সকলোৰে বাবে এই সন্মান |”