গুৱাহাটী– অসমৰ সাংস্কৃতিক ক্ষেত্রখনলৈ নীৰৱে বৰঙণি আগবঢ়াই অহা অভয়াপুৰীৰ লোকশিল্পী ধৰণী বণিক্যক প্রদান কৰা হয় স্বভাৱ শিল্পী অমূল্য কাকতি স্মাৰক বঁটা৷ সদৌ গুৱাহাটী ছাত্র সন্থা আৰু ছাত্র–শিল্পী–সাহিত্যিক কল্যাণ ন্যাসে মহানগৰীৰ বিবেকানন্দ কেন্দ্রত আয়োজন কৰা এক অনুষ্ঠানত এই বঁটা প্রদান কৰে যশস্বী অভিনেত্রী মলয়া গোস্বামীয়ে৷
বঙাইগাঁৱৰ অভয়াপুৰীৰ নীৰৱ শিল্পী ধৰণী বণিক্যক প্রদান কৰা বঁটাত আছে গামোচা, পাটৰ চেলেং, এৰী চোলা, ফুলৰ থোপা, স্মাৰক আৰু নগদ ২৫ হাজাৰ টকা৷ বঁটা গ্রহণ কৰি শিল্পী ধৰণী বণিক্যই এতিয়াৰে পৰা তেওঁৰ দায়িত্ব অধিক বৃদ্ধি পোৱা বুলি মন্তব্য কৰে৷
বঁটা প্রদান অনুষ্ঠানত অংশ লৈ নেছ’ৰ উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে স্বভাৱ শিল্পী অমূল্য কাকতি সদৌ অসম ছাত্র সন্থাৰ অভিভাৱকস্বৰূপ আছিল৷ তেওঁ আছুৰ সাংস্কৃতিক আন্দোলনৰ গুৰি ধৰিছিল৷