গুৱাহাটী – শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা মিউজিয়াম নিৰ্মাণ কৰিবলৈ প্ৰস্তাৱ দিয়া কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

শনিবাৰে জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি শ্বেৰমান আলীৰ বিৰুদ্ধে সৰব হৈ পৰে।

মন্ত্ৰীগৰাকীয়ে কয় যে, ইমান ধৃষ্টতা কংগ্ৰেছৰ? শংকৰদেৱ কলাক্ষেত্ৰত লুঙি থোৱাৰ কথা কোৱা শ্বেৰমান আলী জে’ললৈ যাব লাগিব। চৰকাৰ আহিলেই ওলাব নোৱাৰাকে জে’লত ভৰাম শ্বেৰমানক।

এতিয়া জে’ললৈ পঠিয়ালে সিহঁতৰ লাভ হ’ব। গতিকে মই এতিয়া ৰাজনীতি কৰিব বিচৰা নাই।’

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে, মিঞা মানে আভিধানিক অৰ্থত পূজনীয়। কিন্তু শ্বেৰমান হতে সেই মিঞাৰ কথা কোৱা নাই। আজান পীৰৰ সভ্যতাৰে এই মিঞাৰ সম্পৰ্ক নাই।   অসমীয়া মুছলমানে মিঞা মিউজিয়ামৰ কথা নকয়।  NRCত নাম সোমাবনে নাই দিন ৰাতি যি সকলে শংকাত ভূগিছে সেই সকল মিঞাইহে মিউজিয়াম বিচাৰিছে।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply