গুৱাহাটী – শক্তিপীঠ কামাখ্যা ধামত জব্দ বৃহৎ পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ-প্ৰতংগ। শক্তিপীঠত বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ৰ অভিযানত জব্দ হয় বন্যপ্ৰাণীৰ অংগ-প্ৰতংগ। ঘটনাৰ লগত জড়িত তিনিজন লোকক আটক।
মহানগৰীত বন্যপ্ৰাণীৰ অংগ-প্ৰতংগৰ ৰমৰমীয়া বেহা চলাই থকা বহিঃৰাজ্যৰ দুষ্ট চক্ৰৰ তিনি জন সদস্যক বন বিভাগে আটক কৰিছে। এক গোপন খবৰৰ ভিত্তিত বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ই অভিযান চলাই শক্তিপীঠ কামাখ্যা ধামৰ পৰা বন্যপ্ৰাণীৰ অংগ-প্ৰতংগৰ বেহাৰ লগত জড়িত তিনিজন লোকক আটক কৰাৰ লগতে বৃহৎ পৰিমাণৰ বন্যপ্ৰাণীৰ অংগ-প্ৰতংগ আৰু মূল্যৱান সাগৰীয় সামগ্ৰী জব্দ কৰে।
দীৰ্ঘদিন ধৰি শক্তিপীঠ কামাখ্যা ধামত বন্যপ্ৰাণীৰ অংগ-প্ৰতংগৰ নিষিদ্ধ কলা বজাৰ চলাই আছিল বহিঃৰাজ্যৰ এটা দুষ্ট চক্ৰই। বন বিভাগৰ অভিযানত আটক হোৱা বহিঃৰাজ্যৰ এই দুষ্ট চক্ৰৰ সদস্য সকল হৈছে ক্ৰমে জীতেন্দ্ৰ সাহ, ৰাহুল চৌধুৰী আৰু সন্তোষ গুপ্তা।
অভিযানত বন বিভাগে বন্যপ্ৰাণীৰ অংগ-প্ৰতংগৰ লগতে ধৃত লোক কেইজনৰ পৰা জব্দ কৰিছে নগধ ৫০ হাজাৰ টকা। বন বিভাগ আৰু বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ ব্যুৰ’ই শক্তিপীঠ কামাখ্যাৰ লগতে মহানগৰীৰ গণেশগুৰিটো অভিযান চলাইছিল। বৰ্তমান ঘটনা সন্দৰ্ভত ধৃত লোককেইজনক জেৰা অব্যাহত ৰাখিছে বন বিভাগৰ শীৰ্ষ বিষয়াসকলে।