নাজিৰা: নাজিৰা নগৰৰ মাজ মজিয়াতে থকা শতবৰ্ষ গৰকা বছৰতকৈ অধিক পুৰণি নাজিৰা পূজা মন্দিৰটোত শুকুৰবাৰে হাতুৰিৰ কোব মাৰে স্বয়ং মন্দিৰটোৰ পূজাৰীজনেই | এই অনুষ্ঠানত উপস্থিত অজস্ৰজনে পুৰণি মন্দিৰটোক অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাই | অসম চৰকাৰৰ অসম দৰ্শন আঁচনিৰ অধীনত এই মন্দিৰটোৰ বাবে আবন্টন দিয়া হৈছে দহ লক্ষ্য টকা |
সেয়েহে পুনৰ ন- ৰূপত এই শত বছৰীয়া ঐতিহ্য বহন কৰি অহা নামঘৰটো সজাই তোলাৰ উদ্দেশ্যে মাংগলিক কৰ্ম কৰি পূৰণি নামঘৰৰ গৃহত আজি হাতুৰিৰ কোব দিলে সেই মন্দিৰৰ পূজাৰীয়ে | শণিবাৰৰ পৰা পুৰণি নামঘৰটো ভাঙি চৰকাৰে অনুমোদন জনোৱা দহ লাখ টকাৰে নতুনকৈ আগন্তুক ছটা মাহৰ ভিতৰত সজাই তুলিব এই এশ বছৰৰ পুৰণি নাজিৰা পূজা মন্দিৰৰ নামঘৰতো |