যোৰহাট উকিল সন্থা নৱনিৰ্মিত ভৱন আৰু পদসেতু আধাৰশিলা স্থাপন Credit: আহত টাটা ম'বাইল মিনি ট্ৰাকখনৰ চালক-হেণ্ডিমেন

বৰপেটা – সমগ্ৰ ৰাজ্যৰ লগতে শনিবাৰৰ পৰা বৰপেটা জিলাতো কভিড ভেকচিন প্ৰদানৰ কাম আৰম্ভ কৰা হয়৷ বৰপেটা মেডিকেল কলেজত কভিড ভেকচিন প্ৰদান আৰম্ভণি কাৰ্যসূচীত বৰপেটাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীৰ্থনাথ শৰ্মাই প্ৰথমতে ভেকচিন গ্ৰহণ কৰি শুভাৰম্ভ কৰে ভেকচিন প্ৰদান প্ৰক্ৰিয়া৷

বৰপেটা জিলাৰ বৰপেটা মেডিকেল কলেজৰ লগতে বৰপেটা চিভিল হস্পিটাল আৰু বৰপেটা ৰোড এফ আৰ ইউ চিকিৎসলায়তো প্ৰদান কৰা হ’ব কভিড ভেকচিন৷ প্ৰথম পৰ্যায়ত বৰপেটা জিলাৰ ৮৪০০ গৰাকী চিকিৎসা কৰ্মীক প্ৰদান কৰা হ’ব কভিড ভেকচিন৷

চৰকাৰী চিকিৎসক, চিকিৎসা কৰ্মীৰ লগতে ব্যক্তিগত খণ্ডৰ একাংশ চিকিৎসা প্ৰতিষ্ঠানৰ চিকিৎসা কর্মীকো প্ৰদান কৰা হ’ব কভিড ভেকচিন। জিলাখনত সপ্তাহৰ চাৰিটা দিনত ভেকচিন প্ৰদান কৰা হ’ব৷ সোমবাৰ, মঙলবাৰ, বৃহস্পতিবাৰ আৰু শুক্ৰবাৰে ভেকচিন প্ৰদান কৰা হ’ব৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply