শিক্ষা সংসদৰ বিহু বিষয়ক পাঠ্যক্ৰম অন্তভুক্ত কৰি প্ৰকাশ কৰা পাঠ্যপুথি উন্মোচনী অনুষ্ঠান

গুৱাহাটী:– অৱশেষত বাপতি সাহোন বিহু বিষয় অন্তৰ্ভুক্ত হ’ল উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত।নতুন প্ৰজন্মক বিহুৰ সৈতে অধিক চিনাকী কৰাই দিয়াৰ উদ্দেশ্যৰে শিক্ষা সংসদে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিলে ‘অসমৰ বিহু উৎসৱ শীৰ্ষক’ নতুন পাঠ্যপুথি। নতুন পাঠ্যপুথি খন উন্মোচন কৰা হয় অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ কাৰ্যালয়ত।শিক্ষা সংসদৰ সচিব ড০ৰমেশ চন্দ্ৰ চুতীয়াৰ সভাপতিত্বত অনুস্থিত হোৱা এক অনুষ্ঠানত এই নতুন পাঠ্যপুথি খন উন্মোচন কৰে বিহু গবেষক ড০হেমন্ত কুমাৰ বৰুৱাই।

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলে ঐচ্ছিক বিষয় হিচাপে অধ্যয়ন কৰিব পাৰিব এই বিহু বিষয়টো। ১০০নম্বৰৰ এই বিষয়টোত থিঅ’ৰিত ৩০ আৰু ব্যৱহাৰিকত ৭০নম্বৰৰ প্ৰশ্ন থাকিব |

এই পাঠ্যপুথিত ৫টাকৈ জনগোষ্ঠীয় লোক কৃষ্টিৰো আভাস দিয়া হৈছে | আনহাতে অতি সোনকালে উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষৰ বাবেও পাঠ্যপুথি প্ৰণয়ন কৰা হ’ব বুলি এই উল্লেখ কৰে শিক্ষা সংসদৰ সচিব ড০ ৰমেশ চন্দ্ৰ চুতীয়াই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,999 other subscribers

Leave a comment

Leave a Reply