শিমলুগুৰিত আছুৰ প্ৰতিবাদ

নাজিৰা- সোমবাৰে ৰাজ্যজুৰি ছাত্ৰ সন্থাৰ প্ৰতিবাদ। বিজেপি নেতৃত্বাধীন চৰকাৰে তেজপুৰত আৰু শুৱালকুছিত ছাত্ৰ সন্থাৰ কৰ্মী লগতে ছাত্ৰীৰ ওপৰত কৰা আক্রমণৰ ঘটনা সন্দৰ্ভত ছাত্ৰ সন্থাই সাব্যস্ত কৰিছে এই প্ৰতিবাদ।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নাজিৰাৰ শিমলুগুৰিতো শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাই সাব্যস্ত কৰিলে প্ৰতিবাদ। শিমলুগুৰি নগৰৰ মাজ মজিয়ালৈ ওলাই আহি বিজেপি চৰকাৰ হায় হায়,সৰ্বানন্দ সোনোৱাল গ’ বেক,গণতান্ত্ৰিক আন্দোলন সহ্য কৰিব নোৱাৰা চৰকাৰ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে শিমলুগুৰি নগৰৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমুৰ্তি দাহ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply