মুক্ত হৈ ঘৰলৈ যোৱা বন্দীসকল

শিলচৰ – ভাৰতে অসমৰ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা ম্যানমাৰৰ ১৯ জন নাগৰিকক মোকলাই দিছে আৰু স্বদেশলৈ ঘূৰাই পঠিওৱা হৈছে৷ কেন্দ্রীয় গৃহ বিভাগৰ তত্ত্বাৱধানত ডিটেনশ্যন কেম্পত বন্দী হৈ থকা এই লোকসকলক অলপতে মণিপুৰৰ মোৰে আন্তঃৰাষ্ট্রীয় সীমান্ত পথ হৈ ম্যানমাৰলৈ ঘূৰাই পঠিওৱা হয়৷

কেন্দ্রীয় গৃহ বিভাগৰ তত্ত্বাৱধানত বিগত বুধবাৰে কাছাৰ আৰক্ষীৰ ডি এছ পি (সদৰ) সঞ্জীৱ ভার্গৱ গোস্বামীৰ নেতৃত্বত আৰক্ষীৰ এটা দলে শিলচৰ কেন্দ্রীয় কাৰাগাৰত থকা ১৯গৰাকী বন্দীক মণিপুৰলৈ লৈ যায়৷

আৰক্ষীয়ে নিশাটো বন্দীসকলক ইম্ফলত ৰখাৰ ব্যৱস্থা কৰে৷ পাছত ইম্ফলৰ পৰা মোৰেলৈ লৈ যোৱা হয়৷ জানিব পৰা মতে, ১৯গৰাকী বন্দী হ’ল– সুন্দৰলাল (২৫), সঞ্জয় (২০), জয়কুমাৰ (২৩), ৰামবকান (২২), ধর্মেন্দ্র (২৯), অন্নি কুমাৰ (২৯), ৰাজকুমাৰ (৩০), মণিলাল (২৪), অনিল কুমাৰ (২২), জয়শংকৰ (২৯), থুৰা (২০), কানাইলাল (৩০), দয়া চাঁদ (৩০), সুনীল কুমাৰ ওৰফে ছোনি কুমাৰ (২৫), অজয় কুমাৰ (২৫), দিনাত ওৰফে দীনেশ (২৫), কানাইয়া লাল ওৰফে ছোনিলাল (২৪), সঞ্জয় কুমাৰ ওৰফে ছাজন (৩০) আৰু সঞ্চয় ৰবিদাস (২৬)৷ তেওঁলোক ম্যানমাৰৰ কায়ুকতাগা আৰু পায়ো জিলাৰ বাসিন্দা৷

উল্লেখ্য যে বিগত মে’ মাহত জিৰিঘাট হৈ মণিপুৰলৈ যোৱাৰ সময়ত তেওঁলোক ধৰা পৰিছিল৷ কোনো নথি-পত্র নোহোৱাকৈ ভাৰতত প্রৱেশ কৰি উত্তৰ প্রদেশৰ এটা কাৰখানাত কাম কৰিছিল এই লোককেইজনে৷ লকডাউনৰ মাজত দেশলৈ ঘূৰি যোৱাৰ বাবে উত্তৰ প্রদেশৰ পৰা জিৰিঘাটলৈ আহিছিল৷ উদ্দেশ্য আছিল মণিপুৰত অনুপ্রৱেশ কৰি মোৰে হৈ ম্যানমাৰলৈ ঘূৰি যোৱাৰ৷ কিন্তু মণিপুৰত প্রৱেশৰ পথত জিৰিঘাটত আৰক্ষীৰ হাতত আটক হয়৷

পাছলৈ আদালতে অবৈধভাৱে ভাৰতত প্রৱেশৰ অপৰাধত তেওঁলোকক চাৰি মাহ কাৰাবাসৰ নির্দেশ দিয়ে৷ ইয়াৰ পাছত ১৯জনকে শিলচৰ কাৰাগাৰৰ ডিটেনশ্যন কেম্পত ৰখা হয়৷ তদুপৰি তেওঁলোকক ঘূৰাই পঠোৱাৰ বাবে ভাৰত চৰকাৰে ম্যানমাৰ চৰকাৰৰ সৈতে যোগাযোগ কৰে৷ ম্যানমাৰ চৰকাৰে তেওঁলোকৰ যাৱতীয় বিষয় চালিজাৰি চাই ঘূৰাই নিবলৈ সিদ্ধান্ত লয়৷ ইয়াৰ ফলতে কালি তেওঁলোকক ঘূৰাই পঠোৱা হয়৷ ইপিনে মণিপুৰৰ আন্তঃৰাষ্ট্রীয় সীমান্ত হৈ আজি ম্যানমাৰত বন্দী থকা ৩৪জন ভাৰতীয় নাগৰিক উভতি আহে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply