শিলচৰ– শিলচৰত বৰফ হ’ল ১০০০ ক’ভিড ভেকচিন। শুকুৰবাৰে ১০০০ ভেকচিন মেডিকেল কলেজখনলৈ পঠোৱা হৈছিল। শনিবাৰে শিলচৰ মেডিকেল কলেজত ভেকচিন দিয়া হয় ১০০জনক । অতি কম তাপমাত্ৰাত ক’ভিড ভেকচিন ৰখাৰ বাবে মেডিকেল কলেজ খনত নষ্ট হ’ল ১০০০ ক’ভিড ভেকচিন।
উল্লেখ্য় যে ভেকচিন মজুত ৰাখিব লাগে ১০-১৮ ডিগ্ৰী চেণ্টিগ্ৰেড তাপমাত্ৰাত। কিন্তু শিলচৰ মেডিকেল কলেজ কর্তৃপক্ষই তাপমাত্ৰা ১৪ ডিগ্ৰী চেলছিয়াছৰ তলত ফ্ৰীজত ৰাখিছিল ভেকচিনসমূহ। যাৰ ফলত নিৰ্ধাৰিত তাপমাত্ৰাৰ সলনি অতি কম তাপমাত্ৰাত ভেকচিন ৰখাৰ বাবে শনিবাৰে পুৱা বৰফৰ ৰূপত উদ্ধাৰ কৰা হয় প্ৰতিটো ভেকচিন।
শিলচৰ মেডিকেল কলেজত প্ৰয়োজনতকৈ ১০ গুণ বেছি মজুত আছিল ক’ভিড ভেকচিন। শিলচৰ মেডিকেল কলেজৰ এনে গাফিলতিৰ ফলত নষ্ট হ’ল এই ভেকচিনসমূহ। সমগ্ৰ বিষয়টোক গাপ দিবলৈহে এতিয়া চেষ্টা চলাইছে কৰ্তৃপক্ষই।