শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাৰ নাম মুখত লোৱাটোৱেই পাপ

হোজাই – ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমালৰ মন্তব্য শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাৰ নাম মুখত লোৱাটোৱেই পাপ। হোজাইৰ বিধায়ক শিলাদিত্য দেৱক চিনি নাপায় বদৰুদ্দিন আজমলে। বদৰুদ্দিন আজমলে কেতিয়াওঁ শিলাদিত্য দেৱক বিধায়ক হিচাপে মানি নলয়।

বিভিন্ন সময়ত সংবাদ মাধ্যমত বিতৰ্কিত মন্তব্যৰ প্ৰদনা কৰি চাঞ্চল্য সৃষ্টি কৰা হোজাইৰ বিজেপি বিধায়ক শিলাদিত্য দেৱ আৰু হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা সন্দৰ্ভত ধুবুৰীৰ সাংসদ তথা এ আই ইউ ডি এফ দলৰ প্ৰধান বদৰুদ্দিন আজমালৰ মন্তব্য “শিলাদিত্য দেৱ আৰু সত্যৰঞ্জন বৰাৰ নাম মুখত লোৱা মানেই পাপ”। শিলাদিত্য দেৱ কোন হয় বুলি প্ৰশ্ন কৰি বদৰুদ্দিন আজমলে শিলাদিত্য দেৱক চিনি নাপায় বুলি কয়। শিলাদিত্য দেৱৰ বিতৰ্কিত মন্তব্যৰ বাবে বদৰুদ্দিন আজমলে কেতিয়াওঁ শিলাদিত্য দেৱক বিধায়ক হিচাপে মানি নলয় বুলিও মন্তব্য কৰে।

বদৰুদ্দিন আজমলে তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয় যমুনামুখ সমষ্টিৰ অগপ নেতা ৰেজাউল কৰিম চৌধুৰীক। ৰেজাউল কৰিম চৌধুৰীৰ নাম নোলোৱাকৈয়ে সমালোচনা কৰি বদৰুদ্দিন আজমলে কয় যে যমুনামুখৰ দুই প্ৰভাৱশালী নেতাই এ আই ইউ ডি এফৰ টিকট বিচাৰিছে আৰু দলত যোগদান কৰাৰ বাবে মত ব্যক্ত কৰিছে৷ বদৰুদ্দিন আজমলৰ এই মন্তব্যৰ পিছতে যমুনামুখৰ ৰাজনৈতিক শিৱিৰত সৃষ্টি হৈছে ধুমুহাৰ৷

সোমবাৰে নিশা হোজাইৰ যমুনামুখৰ কৰৈয়নিত এ আই ইউ ডি এফ দলৰ এক যোগদান সভা অনুষ্ঠিত হয়। যোগদান সভাত অংশগ্ৰহণ কৰি হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ লগতে যমুনামুখ সমষ্টিৰ অগপ নেতা ৰেজাউল কৰিম চৌধুৰীক তীব্ৰ সমালোচনা কৰে এ আই ইউ ডি এফ প্ৰধান বদৰুদ্দিন আজমলে৷

যমুনামুখ সমষ্টিৰ কৰৈয়নী পঞ্চায়তত অনুষ্ঠিত ৰাজহুৱা সভাখনত সোমবাৰে নিশা প্ৰায় তিনি শতাধিক লোকে বিভিন্ন দল ত্যাগ কৰি এ আই ইউ ডি এফ দলত যোগদান কৰে। যোগদান সভাত বদৰুদ্দিন আজমলৰ লগতে উপস্থিত থাকে নগাঁও জিলাৰ ধিংৰ বিধায়ক আমিনুল ইছলাম।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply