তেজপুৰ:- শিশুৰ বিশেষ অনুষ্ঠানেৰে মুখৰিত হৈ পৰে ৰূপকোঁৱৰৰ পৈতৃক গৃহ ঐতিহাসিক পকীৰ ৰূপকোঁৱৰ মঞ্চৰ প্ৰেক্ষাগৃহ।

বিশিষ্ট নাট্যকাৰ – পৰিচালক, লেখক ঐশ্বৰ্য্য কাকতিক এই মাহৰ অতিথি হিচাপে লৈ “পকীৰ পদূলিত জোনাকৰ আবেলি” শীৰ্ষক মনোৰম – নান্দনিক অনুষ্ঠানেৰে পুনৰ উদ্ভাসিত হ’ল পকী |

জ্যোতি ভাৰতীৰ বিষয়া তথা জিলা সাংস্কৃতিক উন্নয়ন বিষয়া জিতেন কুমাৰ দাসৰ বিশেষ তৎপৰতাত অনুষ্ঠিত এই অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি একাংশ শিশুৰ বিশেষ অনুষ্ঠানত আপ্লুত হৈ পৰে উপস্থিত ৰাইজ |

বিশিষ্ট শিল্পী নাট্যকাৰ ঐশ্বৰ্য্য কাকতিৰ অন্তৰংগ অনুষ্ঠান

বিশিষ্ট নাট্যকাৰ – পৰিচালক, লেখক ঐশ্বৰ্য্য কাকতিয়ে উপস্থিত শিশু আৰু ৰাইজক উদ্দেশ্যী নিজৰ অনুভবেৰে পৰামৰ্শমূলক বক্তব্য দাঙি ধৰা মনোৰম অনুষ্ঠানটিত বাণথিয়েটাৰৰ সাধাৰণ পৰিচালক ভূপেন শৰ্মা আৰু প্ৰবীণ অভিনেত্ৰী কল্পনা কলিতাই চিৰাজ আৰু ভোগজৰা নাটকৰ সংলাপ পৰিৱেশন কৰাৰ লগতে কেইবাগৰাকীও কন্ঠশিল্পীৰ গীত, নৃত্যৰ লগতে দ -পৰ্বতীয়াৰ মাধৱমন্দিৰ বহুমুখী প্ৰকল্পৰ শিশু নাট কৰ্মশালাৰ শিশু সকলে ভ্ৰাম্যমাণ থিয়েটাৰৰ অভিনেতা নিৰঞ্জন দাসৰ পৰিচালনাত ৰূপায়ণ কৰা ৰূপকোঁৱৰৰ “নিমাতী কইনা” নাটকে সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে। অনুষ্ঠানটিত ঐশ্বৰ্য্য কাকতিক জ্যোতি ভাৰতী কৰ্তৃপক্ষই বিশেষ ভাৱে সম্বৰ্ধনা জনাই |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply