হোজাই – হোজাইৰ শংকৰদেৱনগৰ আদালতৰ ঐতিহাসিক ৰায়দান৷ কনমানি শিশুক ধৰ্ষণ কৰি হত্যা কৰা এজন লোকক ফাঁচিৰ ৰায়দান প্ৰদান কৰিলে শংকৰদেৱনগৰ আদালতে৷ হোজাই জিলা অতিৰিক্ত আৰু সত্ৰ ন্যায়াধীশ এন এচ দেউৰীয়ে প্ৰদান কৰিছে এই ঐতিহাসিক ৰায়দান৷

হোজাইৰ শংকৰদেৱনগৰ আদালতে বুধবাৰে এক ঐতিহাসিক ৰায়দান প্ৰদান কৰে। এগৰাকী পাঁচ বছৰীয়া শিশুক ধৰ্ষণ কৰি হত্যা কৰাৰ অপৰাধত আদালতে চন্দন হৰিজন নামৰ এজন লোকক ফাঁচিৰ ৰায়দান প্ৰদান কৰিছে। হোজাইৰ দাৰিয়াবস্থিৰ চন্দন হৰিজন ভাৰতীয় দণ্ডবিধি ধাৰাৰ ৩৭৬(এ), ৩০২ পস্ক এক্ট ২০১৯ ধাৰাৰ ৬ আইনৰ অধীনত দোষী সাব্যস্ত হৈছে৷

হোজাইৰ দাৰিয়াবস্থিত পাঁচ বছৰীয়া এটি শিশুক বলাৎকাৰ কৰি হত্যা কৰিছিল এই চন্দন হৰিজন ওৰফে বিক্ৰম হৰিজন নামৰ লোকজনে। ২০২০ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত দিন দুপৰতে হোজাইৰ নন্দপুৰৰ দাৰিয়াবস্তিত চন্দন হৰিজনে সংঘটিত কৰিছিল এই জঘন্যকাণ্ড। ঘটনা সংঘটিত হোৱাৰ পিছত কম সময়ৰ ভিতৰতে বিচাৰ প্ৰক্ৰিয়া সমাপ্ত কৰে শংকৰদেৱনগৰ আদালতে৷

এই জঘন্য ধৰ্ষণ আৰু হত্যাকাণ্ড সন্দৰ্ভত হোজাই থানাত ৰুজু হোৱা ১৬৪/২০ নং গোচৰৰ বিচাৰ প্ৰক্ৰিয়া ২০২০ চনৰ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছিল৷ আদালতৰ এই ৰায়দানত বিভিন্ন দল-সংগঠনৰ লগতে দুৰ্ভগীয়া শিশুটিৰ পিতৃ-মাতৃয়ে সন্তুষ্টি প্ৰকাশ কৰে। গোচৰটোত চৰকাৰী অধিবক্তা আছিল অমৰজ্যোতি শইকীয়া৷ হোজাই জিলা আইনসেৱা প্ৰাধিকৰণে গোচৰটোত আগবঢ়াইছিল সহায় সহযোগিতা৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply