বৰপেটা – বৰপেটাত শিশুক যৌন নিৰ্যাতনৰ ঘটনাৰ লগত জড়িত দুই অভিযুক্তক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড৷ ২০১৮ চনত বৰপেটা চহৰৰ মেটুৱাকুছিত সংঘটিত হৈছিল এক শিশু যৌন নিৰ্যাতনৰ ঘটনা৷ ঘটনাৰ পিছতে মানসিকভাৱে ভাগি পৰা শিশুটোৱে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল।
২০১৮ চনত বৰপেটা চহৰৰ মেটুৱাকুছিত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। এগৰাকী ১৪ বছৰীয়া শিশুক দুই যুৱকে অপহৰণ কৰি শিশুটিক ওৰে নিশা চলাইছিল যৌন নিৰ্যাতন ৷ শিশুক যৌন নিৰ্যাতন চলোৱা এই আমানবীয়া ঘটনাৰ লগত জড়িত দুই অভিযুক্তক অৱশেষত আদালতে প্ৰদান কৰিলে ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড৷
১৪ বছৰীয়া শিশুটি সন্ধিয়া দোকানলৈ অহা অৱস্থাত মুখত সোপা দি দুই যুৱকে অপহৰণ কৰি এখন বিদ্যালয়ত ওৰে নিশা যৌন নিৰ্যাতন চলাইছিল। পৰৱৰ্তী সময়ত মানসিকভাৱে ভাগি পৰা শিশুটোয়ে আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল৷
পিতৃ-মাতৃহীনা শিশুটোৱে খূড়াকৰ ঘৰত আশ্ৰয় লৈ পঢ়া শুনা কৰি আছিল৷ ঘটনা সংক্ৰান্তত শিশুটিৰ খুড়াকে বৰপেটা সদৰ থানাত ৰুজু কৰিছিল এক গোচৰ৷ প’স্ক’ আইনৰ অধীনত চলি থকা গোচৰটোৰ বৃহস্পতিবাৰে চূড়ান্ত ৰায় দান কৰে বৰপেটা আদালতে৷
আদালতে দুই অভিযুক্ত বিতোপন দাস আৰু চানা দাস ওৰফে নিতুলক ৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে দুই হাজাৰকৈ টকাৰ জৰিমনা বিহে৷ আদালতৰ এই ৰায় দানে বৰপেটাবাসীক আনন্দিত কৰাৰ লগতে দূৰ্ভগীয়া শিশুটোৰ আত্মাই শান্তি লাভ কৰিব বুলি বৰপেটা চহৰবাসীয়ে আশা প্ৰকাশ কৰিছে৷