স্বপন নাথ, কাজিৰঙা: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি চলাচল কৰোতে এতিয়া সকলো পথচাৰী সাবধান হ’বৰ হ’ল। কোন মুহূৰ্তত বন্যপ্ৰাণীয়ে আক্ৰমণ কৰিব বা মুখামুখী হ’ব তাৰ কোনো ঠিক নাই। ইতিমধ্যে ৰাষ্ট্ৰীয় ঘাইপথত কাজিৰঙাৰ গঁড়ে কেইবাটাও দুৰ্ঘটনা সংঘটিত কৰাৰ পিছত অলপতে এটা নাহৰফুটুকীয়ে এজন চাইকেল আৰোহীক তীব্ৰ বেগেৰে খুন্দা মৰাৰ ঘটনা সংঘটিত হৈছে।

বন বিভাগৰ সূত্ৰে জানিব পৰা মতে কিছু দিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কহঁৰা বনাঞ্চলৰ অধীনত থকা হালধিবাৰী এনিমেল কৰিডৰত এজন চাইকেল আৰোহীক তীব্ৰ বেগে এটা নাহৰফুটুকীয়ে খুন্দা মাৰে। নাহৰফুটুকীৰ খুন্দাত চাইকেল আৰোহীজন পথৰ ওপৰত পৰি যায় যদিও কোনোমতে প্ৰাণ ৰক্ষা পৰে।

ইফালে, নাহৰফুটুকীটোৱেও চাইকেল আৰোহীক খুন্দা মাৰি বাগৰি পৰে। পৰিস্থিতিৰ কথা ধৰিব নোৱাৰি অহা বাটে অৰ্থাৎ অৰণ্যৰ যি দিশৰ পৰা নাহৰফুটুকীটো আহিছিল পুনৰ সেই দিশে উভতি যায়। বিগত বৰ্ষতো এটা প্ৰকাণ্ড গঁড়ে একে ঠাইতেই এখন ডি আই বাহনক তীব্ৰ বেগে খুন্দা মাৰি বহু সময় পথৰ ওপৰতে অবস হৈ পৰি ৰৈছিল।

গঁড়টোৱে কিছু আঘাত পাইছিল যদিও কিছু সময়ৰ পিছত পুনৰ অৰণ্যৰ দিশে গতি কৰিছিল। উল্লেখ্য যে, এই সকলো দৃশ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্ত্তৃপক্ষই হালধিবাৰী এনিমেল কৰিডৰত স্থাপন কৰা স্বংক্ৰীয় কেমেৰাত বন্দী হৈ থকে। বাৰিষা কাল অহাৰ লগে লগে ৰাষ্ট্ৰীয় উদ্যানৰ একাংশ অৰণ্য পানীৰ তল যায়। অন্যহাতে, ব্ৰক্ষপুত্ৰৰ বাঢ়নী পানীয়ে বানপানীৰ সৃষ্টি কৰাত বন্যপ্ৰাণীবোৰে নিৰাপদ ঠাই আৰু খাদ্যৰ সন্ধানত ৩৭ ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰ আৰু ইয়াৰ নামনিলৈ অহা যোৱা কৰি থাকে।

উল্লেখ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ হালধিবাৰী আৰু পানবাৰী এনিমেল কৰিডৰ পথচাৰীৰ বাবে অতি স্পৰ্শকাতৰ। এই এনিমেল কৰিডৰত সঘনাই গঁড়, হাতী, গাহৰি, ম’হ ,বাঘ আদি বন্যপ্ৰাণী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি অহা যোৱা কৰি থাকে । ইফালে, তীব্ৰ বেগী গাড়ীৰ খুন্দাতো প্ৰতি বছৰ যথেষ্ট সংখ্যক বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰে। যাৰ ফলত ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ নীতি নিৰ্দেশনা মতে উদ্যান কৰ্ত্তৃপক্ষই যান বাহনৰ গতি বেগ আৰু বন্যপ্ৰাণীৰ চাল চলন পৰ্যবেক্ষণ কৰিবলৈ স্বংক্ৰিয় কেমেৰা স্থাপন কৰিছে।

ইফালে, বোকাখাত মহকুমা প্ৰশাসনে ১৪৪ ধাৰা জাৰি কৰি যানবাহনৰ গতি বেগ ঘন্টাত ৪০ কিলোমিটাৰৰ তলত চলাবলৈ নিৰ্দেশ জাৰি কৰিছে। অতি গুৰুত্বপূৰ্ণ কথা যে নুমলীগড় তেল শোধনাগাৰ নিৰ্মাণ কৰাৰ সময়ত অৰ্থাৎ ১৯৯৩ চনতেই জখলাবন্ধাৰ পৰা বোকাখাতলৈকে অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱা বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি বিকল্প পথ নিৰ্মাণ কৰি আন দিশেৰে নিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশনা দিছিল যদিও আজিলৈকে ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা হাতত লোৱা নাই। যাৰ ফলত প্ৰতি বছৰ তীব্ৰ বেগী গাড়ীৰ খুন্দাত বন্যপ্ৰাণী মৃত্যুৰ মুখত পৰিবলগা হল হৈছে বুলি প্ৰকৃতিপ্ৰেমীয়ে মত প্ৰকাশ কৰিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply