অসম জাতীয় পৰিষদৰ দুদিনীয়া ৰাজনৈতিক অভিৱর্তন

শিৱসাগৰ– আৰম্ভ হ’ল বহু প্ৰত্যাশিত অসম জাতীয় পৰিষদৰ ৰাজনৈতিক অভিৱৰ্তন। আজিৰে পৰা শিৱসাগৰত আৰম্ভ হৈছে অসম জাতীয় পৰিষদৰ দুদিনীয়া ৰাজনৈতিক অভিৱর্তন। ইয়াৰ বাবে শিৱসাগৰ চহৰত উৎসৱমুখৰ পৰিবেশ সৃষ্টি হৈছে | শিৱসাগৰ বৰ্ডিং খেলপথাৰ আৰু ৰংপুৰ নাট্য মন্দিৰত অনুষ্ঠিত হৈছে এই অভিৱৰ্তনৰ কাৰ্যসূচী ।

পুৱাৰ ভাগত পতাকা উত্তোলন কৰে কৃষ্ণগোপাল ভট্টাচাৰ্যই আৰু শ্বহীদ তৰ্পণ কৰে বসন্ত ডেকাই। ইয়াৰ পিছতেই নাট্যমন্দিৰত আৰম্ভ হৈছে আলোচনাচক্ৰৰ |

অসম জাতীয় পৰিষদৰ দুদিনীয়া ৰাজনৈতিক অভিৱর্তন

এই অভিৱৰ্তনতে ইতিমধ্যে আছুৰ বিদায় সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে যোগদান কৰিব বুলি যি চৰ্চা চলি আছিল সেয়া যেন বাস্তবায়িত হ’বলৈ গৈ আছে। দলৰ আহ্বায়ক সমিতিয়ে এই কথা ব্যক্ত কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে প্ৰতিনিধি সকল আহি অভিৱৰ্তন থলীত উপস্থিত হৈছেহি।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply