শিৱসাগৰত ঘৰৰ ভিতৰতে শিশুক হত্যা

শিৱসাগৰ – শিৱসাগৰ জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ঘৰৰ ভিতৰতে এগৰাকী ১৩ বছৰীয়া শিশুক হত্যা। পুৱাৰ ভাগত দুৰ্বৃত্তই ডিঙি চেপি হত্যা কৰাৰ সন্দেহ।

শিৱসাগৰ জিলাৰ গণকপট্টীৰ কৃষ্ণ নগৰত সংঘটিত হৈছে এক ১৩ বছৰীয়া শিশুৰ চাঞ্চল্যকৰ হত্যাকাণ্ড। গণকপট্টীৰ কৃষ্ণ নগৰৰ বাসিন্দা প্ৰয়াত প্ৰণৱ কলিতাৰ পুত্ৰ প্ৰাচুৰ্য্য কলিতাক ঘৰৰ ভিতৰতে দুৰ্বৃত্তই হত্যা কৰে। জানিব পৰা মতে প্ৰাচুৰ্য্য কলিতাৰ মাতৃ পুৱাৰ ভাগত যোগ কৰিবলৈ ঘৰৰ পৰা ওলাই গৈছিল আৰু উভতি আহি ঘৰৰ ভিতৰত পুত্রৰ মৃতদেহ উদ্ধাৰ কৰে।

প্ৰাচুৰ্য্য কলিতাৰ মাতৃয়ে যোগ কৰি উভতি আহি ঘৰৰ মজিয়াত পৰি থকা অৱস্থাত পুত্ৰক উদ্ধাৰ কৰে। স্থানীয় ৰাইজে এখন নাৰ্চিং হোমলৈ প্ৰাচুৰ্য্য কলিতাক নিয়ে যদিও চিকিৎসকে প্ৰাচুৰ্য্য কলিতাক মৃত বুলি ঘোষণা কৰে ৷

১৩ বছৰীয়া প্ৰাচুৰ্য্য কিলতা সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিল। মাতৃ ঘৰৰ পৰা ওলাই যোৱাৰ পিছতে পুৱাৰ ভাগত দুৰ্বৃত্তই প্ৰাচুৰ্য্য কিলতাক ডিঙি চেপি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। ঘটনাৰ খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। পুৱাৰ ভাগতে সংঘটিত হোৱা এই হত্যাকাণ্ডৰ খবৰ সমগ্ৰ শিৱসাগৰত চাঞ্চল্য সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply