শিৱসাগৰ – শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে বৃহত্তৰ ৰংপুৰ মে-ডাম-মে-ফি।প্ৰথম দিনা কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে উদযাপন সমিতিৰ সভাপতি ৰঞ্জিত বৰগোহাঁয়ে।
মৈদাম তৰ্পণ কৰে কাৰ্যকৰী সভাপতি মণিৰুল ইছলাম বড়াই। পতাকা উত্তোলন আৰু মৈদাম তৰ্পণ কাৰ্যসূচীৰ পিছত চাওলুং চুকাফাৰ প্ৰতিমূৰ্ত্তিৰ সন্মুখত মাল্যাপান কৰে কোষাধ্যক্ষ কুশল চেতিয়াই। ইয়াৰ পিছতেই শিৱসাগৰ বৰ পুখুৰীত অনুষ্ঠিত হয় পৰম্পৰাগত নাওখেল।
বৰ্ডিং খেলপথাৰতে মে-ডাম ম-ফিৰ লগত সংগতি ৰাখি চিত্ৰাংকন, কুইজৰ লগতে বিভিন্ন প্ৰতিযোগিতাৰো অনুষ্ঠিত কৰা হয়। শনিবাৰে নিশাৰ ভাগত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়াত কুসুম কৈলাশ, মণ্টুমণি, তৰুণ তন্ময়, জ্যোতিমালা বুঢ়াগোহাঁইৰ লগতে আন কেইবাগৰাকীও জনপ্ৰিয় কণ্ঠশিল্পীয়ে গীত পৰিৱেশন কৰিব।