শিৱসাগৰ- শিৱসাগৰত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল ভুৱা সাংবাদিক। বুধবাৰে শিৱসাগৰ চাৰিঙত সংঘটিত হৈছে এই ঘটনা। দেশীয় সুৰাৰ বিপনীত দাবী কৰিছিল এক লাখ টকা। দাবী কৰা ধন নিবলৈ আহি আৰক্ষীৰ জালত পৰিল নিবনুৱা সন্থাৰ জিলা সভাপতি অপূৰ্ব শৰ্মাৰ লগতে ভুৱা সাংবাদিক। শিৱসাগৰ আৰক্ষী আৰু গৌৰীসাগৰ আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে যুৱক দুজনক।
ভুৱা সাংবাদিকজনে দীৰ্ঘদিন ধৰি নিজকে সংবাদকৰ্মী বুলি দাবী কৰি আহিছে। এইদৰে বিভিন্ন জনৰ পৰা অবৈধ ভাবে ধন সংগ্ৰহ কৰি আহিছে ।
আজি এখন সুৰা বিপনীত দাবী কৰা ধন নিবলৈ আহোতে হাতে-লোটে ধৰা পৰে দুই যুৱক।