শিৱসাগৰ – শিৱসাগৰত ভয়াবহ অগ্নিকাণ্ড। মাজনিশা সংঘটিত হোৱা ভয়াবহ অগ্নিকাণ্ডত ৫ খনকৈ দোকানৰ লগতে ৩ টাকৈ ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হয়।
ৰাসৰ উছাহৰ মাজতেই শুকুৰবাৰে মাজনিশা শিৱসাগৰত সংঘটিত হয় এক ভয়াবহ অগ্নিকাণ্ড৷ শিৱসাগৰ নগৰৰ খাটপথাৰত সংঘটিত হোৱা এই অগ্নিকাণ্ডত ৫ খনকৈ দোকানৰ লগতে ৩ টাকৈ ঘৰ সম্পূৰ্ণৰূপে ভষ্মীভূত হয়।
অগ্নিকাণ্ডত এখন পালচাৰ ১৫০ বাইকৰ লগতে বহু সা-সামগ্ৰী সম্পূৰ্ণৰূপে জুইত জাহ যায়। খাটপথাৰৰ বাবা কোঁচ, মুনু কোঁচ, মনোজ কোঁচ, শংকৰ গগৈ আৰু ৰামেশ্বৰ চেতিয়া নামৰ লোক কেইজন ঘৰ আৰু দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয় অগ্নিকাণ্ডত।
অগ্নিকাণ্ডত শংকৰ গগৈ নামৰ লোকজন সামান্যৰূপে অগ্নিদগ্ধ হোৱা বুলিও জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ খবৰ পাই অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ বহু সময় ধৰি চেষ্টা কৰি জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়।