ৰাজপথত জ্বলি উঠিল যাত্ৰীবাহী বাছ Credit: ইষ্ট ম'জ'

শিৱসাগৰ– শিৱসাগৰত ভয়ংকৰ ঘটনা। দিচাং দলঙৰ সমীপত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে দপদপকৈ জ্বলি উঠিল যাত্ৰীবাহী আলট্ৰা বাছ৷ বাছখনৰ নম্বৰ AS 05 C 6564। ডিব্ৰুগড়ৰ পৰা গোলাঘাট অভিমুখী আছিল ‘কনকজ্যোতি’ নামৰ বাছখন।

কথমপি প্ৰাণৰক্ষা পৰে বাছ খনত থকা ৩৫ গৰাকী যাত্ৰীৰ। যান্ত্ৰিক বিজুতিৰ ফলতেই বাছখনত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ। ঘটনাস্থলীত দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। এই অগ্নিকাণ্ডত যাত্ৰীসকলৰ বয়-বস্তু জুইত জাহ যায়।

উল্লেখ্য় যে কিছু বছৰৰ পূৰ্বে এই অঞ্চলতে একে নামৰে এখন বাছ দুৰ্ঘটনাত পতিত হৈ বহুকেইগৰাকী যাত্ৰী নিহত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply