শিৱসাগৰ: ঐতিহাসিক শিৱসাগৰৰ জেৰেঙা পথাৰত এখন বিশাল জনসভা সম্বোধন কৰি এক লাখ লোকক ভূমি পট্টা প্ৰদানৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে প্ৰধানমন্ত্ৰীয়ে। বিশাল ৰাজহুৱা সভাত অংশ লৈ প্ৰধানমন্ত্ৰীয়ে অসমবাসীৰ মৰম আৰু আতিথ্যক প্ৰশংসা কৰে । অসমীয়াতে ভাষণ আৰম্ভ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে অসমবাসীক ভোগালী বিহুৰ লগতে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনায়। সভাৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে জেৰেঙা পথাৰত স্মৰণ কৰে সতী জয়মতীৰ ত্যাগকো।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাষণত উল্লেখ কৰি কয়, “যোৱা কিছু বছৰত মই অসমৰ বিভিন্ন ঠাইলৈ গৈছো। উন্নয়নমূলক কামৰ লগতে তেওঁলোকৰ সমস্যাৰ সন্দৰ্ভত বহুলোকৰ সৈতে আলোচনা কৰিছো। যোৱা বছৰ ঐতিহাসিক বড়ো চুক্তি সম্পন্ন হোৱাৰ পিছত কোকৰাঝাৰলৈ গৈছিলো। অসমলৈ আহিলেই মই মনত এক অনন্য শান্তি লাভ কৰো।”
ভাষণ প্ৰসংগত মোদীয়ে কয়, “অসম চৰকাৰে COVID19 মহামাৰী যেনেদৰে পৰিচালনা কৰিছিল সেইটো প্ৰশংসাৰযোগ্য। মই আত্মবিশ্বাসী যে অসমে এতিয়া টিকাকৰণ অভিযান আগুৱাই নিব। মই সকলোকে টিকাকৰণ কৰিবলৈ আবেদন জনাইছোঁ”

অসমৰ দ্ৰুত গতিৰ বিকাশ আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ‘আত্মনিৰ্ভৰ অসম’ সফল হৈছে ইয়াত বসবাস কৰা লোকসকলৰ মাজত ‘আত্মবিশ্বাস’ৰ জৰিয়তে। ৰাজ্যৰ ৪০ শতাংশ জনসংখ্যাই কেন্দ্ৰীয় চৰকাৰৰ ‘আয়ুষ্মান ভাৰত’ আঁচনিৰ দ্বাৰা লাভান্বিত হৈছে |
দেশ উন্নয়নৰ বাবে অসমৰ উন্নয়ন হোৱাতো অতি গুৰুত্বপূৰণ বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজ্য চৰকাৰৰ ভূয়সী প্ৰশংসা কৰে। অসমৰ শেহতীয়া উন্নয়নৰ লগতে অসমীয়া কলা-সংস্কৃতি তথা ভাষাৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে বিভিন্ন আঁচনি হাতত লোৱাৰ বাবে ৰাজ্য চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ কাৰ্যকালত অসমৰ বাবে লোৱা বিভিন্ন উন্নয়নমূলক আঁচনিৰো এক আভাস দাঙি ধৰে। আজিৰ অনুষ্ঠানতে আনুষ্ঠানিক ভাৱে ভুমিৰ পট্টা প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। তিনিচুকীয়াৰ ব্ৰজেন মৰাণক প্ৰথমে ভূমিপট্টা প্ৰদান কৰে প্ৰধানমন্ত্ৰী মোডীয়ে।

ভূমিপট্টাই খিলঞ্জীয়াৰ ভয়-শংকা দূৰ কৰাৰ লগতে অসমৰ ভূমিপুত্ৰই আইনী সুৰক্ষা লাভ কৰিছে বুলিও উল্লেখ। আনহাতে অচিৰেই আৰু ১ লাখ লোকক ভূমিপট্টা প্ৰদানৰ কথাও উল্লেখ মোডীৰ। লগতে খিলঞ্জীয়াৰ পক্ষ লোৱাৰ বাবে সৰ্বানন্দ সোণোৱালক ভূয়সী প্ৰশংসা মোডীৰ।
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ উপস্থিতিত জেৰেঙা পথাৰৰ পৰা কয়, ‘বিজেপিয়েহে জাতি-মাটি-ভেটি সুৰক্ষিত কৰিব’ ।
আনহাতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰীৰ উপস্থিতিত শত্ৰুক পৰাজিত কৰাৰ বাবে বিজেপিয়ে সংকল্প লোৱাৰ কথা ঘোষণা কৰে। মন্ত্ৰী গৰাকীয়ে লগতে কয়, ১০০ বিঘা মাটিত নিৰ্মাণ হ’ব সতী জয়মতীৰ বিশাল প্ৰতিমূৰ্তি।