আছুৰ বিক্ষোভ প্ৰদৰ্শন Credit: ইষ্ট ম'জ'

শিৱসাগৰ- প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ সময়তে শিৱসাগৰত আছুৱে কলা পতাকা দেখুৱাই বিক্ষোভ প্ৰদৰ্শন কৰে। শাসকীয় বিজেপি দল আৰু প্ৰধানমন্ত্ৰীক তীব্ৰ সমালোচনা আছুৰ। বৃহৎ নদীবান্ধ নিৰ্মান বন্ধ ,অসম চুক্তিৰ ছয় নং দফা কাৰ্যকৰীকৰণ, বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবীত প্ৰধানমন্ত্ৰীৰ আগমনৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাই শিৱসাগৰ নগৰৰ মাজমজিয়াৰ দলমুখ চাৰিআলিত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

শিৱসাগৰ জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপি দলক মিছলীয়া আৰু প্ৰতাৰক আখ্যা দিয়ে। অন্যহাতেদি অসম চুক্তিৰ ছয়নং দফা কাৰ্যকৰী নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিয়ে সদৌ অসম ছাত্ৰ সন্থাই ।

ইফালে মাজুলীতো মাজুলী জিলা ছাত্ৰ সন্থাই ক’লা পতাকা উৰুৱাই ক’লা বেজ পৰিধান কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই কয়, ”কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬নং দফা অতিশীঘ্ৰে ৰূপায়ণ কৰাৰ লগতে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ দাবী জনাই লগতে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী জনায়৷”

সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ গোস্বামীয়ে কয় যে নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ লগতে সকলো বৃহৎ নদীবান্ধ সৰ্বসাধাৰণ জীৱন, সম্পত্তি নিৰাপত্তা নোহোৱা পৰ্যন্ত বন্ধ ৰাখিবলৈ আহ্বান জনায় ৷

সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয়, ” বান গৰাখহনীয়াই সাধাৰণ জনসাধাৰণক বৰ বেয়াকৈ বছৰ বছৰ ধৰি ক্ষতিগ্ৰস্ত কৰি আহিছে৷ সমগ্ৰ অসমৰ লগতে মাজুলীৰো বহু পৰিয়াল গৃহহীন, ভূমিহীন হৈ মথাউৰিৰ ওপৰত আশ্ৰয় ল’ব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ এই বান গৰাখহনীয়া সমস্যা বিজ্ঞানসন্মত পদ্ধতিৰে ইয়াক সমাধান কৰিবৰ বাবে বিশেষ পদক্ষেপ ল’বলৈ দাবী জনোৱাৰ লগতে বান খহনীয়াত আক্ৰান্তক সকাহ দিবলৈ কেন্দ্ৰই যাতে পৰ্যাপ্ত ধনৰাশি মুকলি কৰি দিয়ে তাৰ দাবী জনায়।

লগতে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাই মাজুলী জিলা ছাত্ৰ সন্থাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply