শিৱসাগৰ – বুধবাৰে শিৱসাগৰত শুভাৰম্ভ হ’ল স্বয়ম আঁচনিৰ। স্বয়ম আঁচনিৰ শুভাৰম্ভ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী যোগেন মহন, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু কেইবাজনো বিধায়কৰ উপস্থিতিত শিৱসাগৰৰ বৰ্ডিং খেল পথাৰত শুভাৰম্ভ হ’ল স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনাৰ অধীনত থকা স্বয়ম আঁচনিৰ।
স্থানীয় উদ্যোগ আৰু গ্ৰাম্য অৰ্থনীতিক সৱলীকৰণৰ লক্ষ্যৰে হাতত লোৱা উক্ত যোজনাৰ অধীনত শিৱসাগৰ জিলাৰ নিৰ্বাচিত হিতাধীকাৰীলৈ আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ বিতৰণ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।।এই আঁচনিৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতী সকল যথেষ্ট উপকৃত হ’ব বুলি মন্ত্যৱ কৰাৰ লগতে অসম চৰকাৰৰ কেবাটাও অভিলাষী আঁচনিৰ কথা প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে শিৱসাগৰৰ টাই যাদুঘৰক উন্নত মানৰ কৰাৰ ব্যৱস্থা কৰাৰ লগতে চুকাফা চিকিৎসালয়লৈ যোৱা পথ নিৰ্মাণ কৰাৰ লগতে কিছু দিন পূৰ্বে ঘোষণা কৰা শিৱসাগৰৰ নাট্যমন্দিৰলৈ ১ কোটি টকাৰ অনুদান অতি শীঘ্ৰে মুকলি কৰি দিয়া কথাও প্ৰকাশ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
শিৱসাগৰৰ পৰা সোনাৰী লৈ যোৱা চাৰিলেন যুক্ত বাইপাছৰ কাম অতি সোনকালে আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে। আনহাতে বুধবাৰে হিতাধিকাৰীৰ মাজত বিতৰণ কৰা স্বয়ম আঁচনিৰ অনুদান লাভ কৰি আনন্দিত হৈ পৰা পৰিলক্ষিত হয় হিতাধিকাৰী সকল।