হাইলাকান্দি – অসম আৰু মিজোৰাম সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে উত্তেজনা। দুয়োখন ৰাজ্যৰ মাজত চলি থকা উত্তেজনা হ্ৰাস কৰাৰ উদ্দ্যেশ্যে অতি শীঘ্ৰেই সীমান্তত কেন্দ্ৰীয় নিৰাপত্তা বাহিনী মোতায়েন কৰা হ’ব। আজি ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱাই এই কথা জানিবলৈ দিছে।

উল্লেখ্য যে, অসম আৰু মিজোৰামৰ লোকৰ মাজত সংঘটিত হোৱা হিংসাত্মক ঘটনাত কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছিল। ইয়াৰ উপৰিও অসমৰ এগৰাকী গাড়ীচালক মিজোৰামত প্ৰৱেশ কৰাৰ পিছত ৰহস্যজনক কাৰণত মৃত্যুমুখত পৰাৰ পিছত দুয়োখন ৰাজ্যৰ সীমান্তত উত্তেজনা বৃদ্ধি পাইছে।

শেহতীয়াকৈ অসম আৰক্ষীৰ আইন শৃংখলা শাখাৰ অতিৰিক্ত সঞ্চালক প্ৰদান জি পি সিঙে সমগ্ৰ অঞ্চল পৰিদৰ্শন কৰিছিল। স্মৰ্তব্য যে যোৱা মাহৰ পৰাই অঞ্চলটোত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈ আছে। হিংসাৰ ফলত দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্কত ফাঁট মেলিছে, লগতে দুয়োখন ৰাজ্যৰ আৰক্ষী বাহিনীও আঘাতপ্ৰাপ্ত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply