মঙলদৈ: আকৌ ৰাজ্যত অপহৰণৰ ঘটনা ! এইবাৰ চাহ বাগিচা সহকাৰী পৰিচালক অপহৰণ কৰাৰ খবৰ | ঘটনাতো সংঘটিত হৈছে ওডালগুৰি জিলাত | এগৰাকী সহকাৰী পৰিচালকক অপহৰণ হোৱাৰ তথ্য পোহৰলৈ আহিছে | আৰক্ষী সুত্ৰে এই তথ্য প্ৰকাশ কৰিছে |
আৰক্ষীক দিয়া এজাহাৰ মতে জিলাখনৰ হাতীগড় চাহ বাগিছাৰ সহকাৰী পৰিচালক সন্দীপ গোস্বামী দেওবাৰৰ পৰা কোনো শুংসুত্ৰ পোৱা নাই | অন্তিম সময়ত টংলা নগৰৰ সমীপত নিশা ৭.৩০ বজাত দেখা পোৱা বুলি আৰক্ষী সুত্ৰে প্ৰকাশ | আৰক্ষীয়ে অভিযান চলাই আছে যদিও উদ্ধাৰ কৰাত এতিয়াও সফল হোৱা নাই |