তেজপুৰ– ‘যোগাসন’ য়ে মানুহৰ বৌদ্ধিক আৰু মনস্তাত্বিক বিকাশ সাধন কৰে। শৰীৰ আৰু মনৰ ভাৰসাম্য় ৰক্ষা কৰে ‘যোগাসন’য়ে। শুকুৰবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম যোগ মহাসংঘই তেলেৰীয়া মিনি ষ্টেডিয়ামত যোগ শিবিৰৰ আয়োজন কৰিছে। পুৱা ৬ বজাৰ পৰা ৭ বজালৈ এই শিবিৰৰ আয়োজন কৰা হয়।
অসম যোগ মহাসংঘই শোণিতপুৰ জিলাৰ লগতে সমগ্ৰ অসমৰ প্ৰায় ২০ খনকৈ জিলাৰ বিভিন্ন প্ৰান্ততো বিনামূলীয়াকৈ যোগা শিবিৰ আয়োজন কৰিছে। উক্ত শিবিৰ মুকলি কৰে যুৱ সাংবাদিক অপূৰ্ব বৰা আৰু তেলেৰীয়া ক্ৰীড়া সন্থাৰ সভাপতি ৰমেন সূতে । এই শিবিৰত অঞ্চলটোৰ শতাধিক শিশুৱেও ভাগ লয় ।