৯৯ বিঘা মাটিত ১০ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হ’ব শ্বহীদ স্মাৰক ক্ষেত্ৰ

গুৱাহাটী– আজি শ্বহীদ দিৱস। এই উপলক্ষে গুৱাহাটীৰ বৰাগাঁৱত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা হৈছে শ্বহীদ দিৱস ৷ ঐতিহাসিক অসম আন্দোলনৰ মহান শ্বহীদসকলৰ স্মৃতি চিৰযুগমীয়া কৰাৰ উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পশ্চিম বৰাগাঁৱত অসম আন্দোলনৰ বীৰ শ্বহীদসকলৰ স্মৃতি ৰক্ষার্থে নিৰ্মাণ হ’বলগীয়া ‘শ্বহীদ স্মাৰক’ আৰু ‘শ্বহীদ উদ্যান’ৰ ভূমিপূজন তথা নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰে। প্ৰায় ৯৯ বিঘা মাটিত ১০ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হ’ব এই শ্বহীদ স্মাৰক ক্ষেত্ৰ ৷

৯৯ বিঘা মাটিত ১০ কোটি ব্যয়ৰে নিৰ্মাণ কৰা হ’ব শ্বহীদ স্মাৰক ক্ষেত্ৰ

জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি শ্বহীদসকলৰ মহান ত্যাগক তেখেতে শ্ৰদ্ধাৰে স্মৰণ কৰে।

অসম আন্দোলনৰ তথ্যসমূহ যুগুত কৰি ভৱিষ্যতৰ বাবে সংৰক্ষণ কৰাৰ দিশত এক উল্লেখনীয় পদক্ষেপ ৰূপায়িত কৰি মাননীয় মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে ‘শ্বহীদ দিৱস’ৰ পৱিত্ৰ দিনটোতে শ্বহীদ পৰিয়ালৰ উপস্থিতিত ঐতিহাসিক অসম আন্দোলনৰ তথ্য সম্বলিত গ্ৰন্থ ‘অসম আন্দোলনৰ তথ্যকোষ, প্ৰথম খণ্ড: উকমুকনিৰ পৰা উদ্গীৰণলৈ (১৯৭৮-১৯৮০)’ৰ শুভ উন্মোচন কৰে।

এই অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, চন্দ্ৰমোহন পাটোৱাৰী, অতুল বৰা, কেশৱ মহন্ত, সাংসদ কুইন ওজা, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, বিধায়ক অতুল বৰা, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী, আইনী উপদেষ্টা শান্তনু ভৰালীকে প্ৰমুখ্যে কৰি অসম চৰকাৰৰ আমোলা বিষয়াসকল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply