গুৱাহাটী – কংগ্ৰেছ বিধায়ক শ্বেৰমান আলী আহমেদৰ প্ৰস্তাৱিত মিঞা মিউজিয়ামৰ সন্দৰ্ভত জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে কয়, মিঞা মিউজিয়ামৰ কথা কোৱা অনুচিত। মই ব্যক্তিগতভাৱে কোনো কাৰণে মিঞা মিউজিয়ামৰ কথাত সমৰ্থন নকৰোঁ। অসমত এইবোৰ হ’ব নালাগে।

শেহতীয়াকৈ মৰিয়ণীৰ কংগ্ৰেছী বিধায়ক ৰূপজ্যোতি কুৰ্মীও শ্বেৰমান আলীৰ এই মিঞা মিউজিয়াম প্ৰসঙ্গক লৈ সৰৱ হৈছে আৰু দলৰ পৰাই বহিস্কাৰৰো দাবী জনাইছে। এন পৰিপ্ৰেক্ষিতত শ্বেৰমান আলী দলৰ মঁজিয়াতে এলাগী হৈ পৰা দেখা গৈছে।

ইফালে শেহতীয়া কেলেংকাৰীসমূহ সন্দৰ্ভতো ৰকিবুল হুছেইনে সৰব হৈ কয় যে এছ আই কেলেংকাৰীয়েই নহয় আৰু বহু বিয়াগোম কেলেংকাৰী ওলাব। এছ আই কেলেংকাৰীত যিহেতু পুলিচ জড়িত সেয়েহে তাৰ তদন্তৰ ভাৰ পুলিচক নিদি উচ্চ ন্যায়ালয়ৰ এজন ন্যায়ধীশৰ জৰিয়তে কৰাব লাগিছিল। তেতিয়া জোলোঙাৰ মেকুৰী বাহিৰ হৈ গ’লহেঁতেন।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply