নগাঁও- অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ আৰু সৃষ্টিক জগতবাসীৰ সমুখত দাঙি ধৰাৰ লগতে নৱ প্ৰজন্মৰ সন্মুখত তুলি ধৰাৰ উদ্দেশ্যেৰে অহা ২৯ জানুৱাৰীৰ পৰা ৩১ জানুৱাৰীলৈকে গুৰুজনাৰ পৱিত্ৰ জন্মভূমি বৰদোৱা আৰু নগাঁৱত আয়োজন কৰিছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মহোৎসৱ আৰু আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰৰ।
সৰ্বভাৰতীয় পৰ্যায়ৰ সাংস্কৃতিক অনুষ্ঠান মাধৱ সংস্কৃতি ন্যাস আৰু শ্ৰী শ্ৰী বটদ্ৰৱা থান পৰিচালনা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। নগাঁও চহৰৰ পানীগাঁৱৰ শ্ৰীমন্ত শংকৰ মিশ্যনৰ লোকসেৱক হলধৰ ভূঞা সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজন কৰা এক সংবাদ মেলত উদ্যোক্তা মণ্ডলীয়ে জানিবলৈ দি কয়- অহা ২৯ জানুৱাৰীত প্ৰথম কাৰ্যসূচী হিচাপে নগাঁও চহৰৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰ।
উক্ত আলোচনা চক্ৰত দেশ বিদেশৰ প্ৰায় ১৫ গৰাকী সমল ব্যক্তি তথা পণ্ডিতে বিশেষ বক্তৃতা প্ৰদান কৰাৰ লগতে প্ৰায় তিনিশ গৱেষক, অধ্যাপক, ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰিব। মহোৎসৱৰ সভাপতি দেৱানন্দ দেৱগোস্বামী আৰু সাধাৰণ সম্পাদক ৰাজীৱ দত্তই মহোৎসৱ খন সফল কৰি তুলিবলৈ অসমবাসীক আহ্বান জনাইছে। সংবাদ মেলখনত উদ্যোক্তা মণ্ডলীৰ ৰাজীৱ দত্ত,ড: ধনঞ্জয় কুশ্ৰে,ড: বোধেন কুমাৰ শইকীয়া উপস্হিত থাকে।